অত্যাৱশ্যকীয় বস্তু ৰখাৰ বাবে এতিয়া আৰু লগত মানিবেগ ৰখাৰ প্ৰয়োজন নাই ৷ আপোনাৰ স্মার্ট ফোনতে উপলব্ধ হ’ব মানিবেগৰ সকলো সুবিধা ৷ এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে এতিয়া নিৰাপদে গুগল ৱালেট ব্যৱহাৰ কৰিব পাৰিব। এটা ডিজিটেল ৱালেট য’ত আপুনি আপোনাৰ সকলো প্ৰয়োজনীয় সামগ্ৰী সংৰক্ষণ কৰিব পাৰে। অৱশ্যে গুগল পেৰ দৰে অনলাইন ধনৰ লেনদেন গুগল ৱালেটৰ পৰা কৰিব নোৱাৰি। ইয়াৰ কাম কেৱল সংৰক্ষণ কৰা।
আচলতে ই এক প্ৰকাৰৰ ডিজিটেল ৱালেট, য’ত আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী যেনে এয়াৰলাইন বৰ্ডিং পাছ, ল’য়ালিটি কাৰ্ড, ইভেণ্টৰ টিকট আৰু ৰাজহুৱা পৰিবহণ পাছ নিৰাপদে সংৰক্ষণ কৰিব পাৰে। ধৰি লওক আপুনি বিমানৰ টিকট কিনিছে, সেই টিকটটো আপুনি গুগল ৱালেটত চেভ কৰিব পাৰে। যদি কোনো অনলাইন চাইটৰ গিফ্ট ভাউচাৰ আছে, তেন্তে ৱালেটতো ৰাখিব পাৰে।
ভ্ৰমণ কৰি ভাল পোৱাসকলে বৰ্ডিং পাছ গুগল ৱালেটত সংৰক্ষণ কৰিব পাৰে। আনকি চিকিৎসা বিজ্ঞানৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰও ৱালেটত সংৰক্ষণ কৰিব পাৰি অৰ্থাৎ বেংক কাৰ্ডৰ বাহিৰে যিকোনো গুৰুত্বপূৰ্ণ বস্তু গুগল ৱালেটত সংৰক্ষণ কৰিব পাৰি। সকলো বস্তু একে ঠাইতে গোটাই ল’ব পাৰে ৷
গুগলে ভাৰতৰ ২০টাতকৈও অধিক কোম্পানীৰ সৈতে চুক্তিৱদ্ধ হৈছে ৷ সেই কোম্পানীসমূহৰ টিকট, ভাউচাৰ ৱালেটত সংৰক্ষণ কৰিব পাৰিব। বিভিন্ন বিলাসী হোটেলৰ গিফ্ট কাৰ্ডো মানিবেগত জমা কৰিব পাৰিব। গিফ্ট কাৰ্ড বা ভাউচাৰ যোগ কৰাৰ সময়ত কাৰ্ড নম্বৰ আৰু পিন দিব লাগিব। কিমান দিন বৈধ সেইটো ৱালেট এপতেই দেখা যাব। ম্যাদ উকলি যোৱাৰ পিছত মানিবেগৰ পৰা স্বয়ংক্ৰিয়ভাৱে আঁতৰাই পেলোৱা হ’ব এনে কার্ড। প্লে ষ্ট’ৰত গৈ গুগল ৱালেট ডাউনলোড কৰিব পাৰিব।