অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (SC-ST)ৰ এটা অংশ চিনাক্ত কৰি চৰকাৰী শিক্ষানুষ্ঠান আৰু চাকৰিৰ ক্ষেত্ৰত সুকীয়া সংৰক্ষণ দিব পাৰি বুলি মন্তব্য কৰিছে উচচতম ন্যায়ালয়ে । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষমতা ৰাজ্য চৰকাৰৰ হাতত আছে ।
উচ্চতম ন্যায়ালয়ৰ ৰায়দানত কয়- “উপ-শ্ৰেণী চিনাক্তকৰণৰ বিষয়টোৱে ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদত সন্নিৱিষ্ট সমতাৰ নীতি উলংঘা নকৰে।” মুখ্য ন্যয়াধীশ ডি ওৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন সাংবাধিনাকি বিচাৰপীঠৰ ছয়জন ন্যায়াধীশে ঐক্যমত প্ৰকাশ কৰে ৷ বৃহস্পতিবাৰে ৰায়দানত ন্যায়াধীশ বেলা ত্ৰিবেদীয়ে মতানৈক্য প্ৰকাশ কৰাৰ বিপৰীতে ছয়জনীয়া বিচাৰপীঠে অনুসূচিত জাতিৰ ভিতৰত ‘সৰ্বাধিক পিছপৰা অংশ’ চিনাক্ত কৰি ‘কোটাৰ ভিতৰত কোটা’ৰ ব্যৱস্থাৰ বাবে অনুমতি প্ৰদান কৰে।
২০০৫ চনৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কৈছিল, “কোনো ৰাজ্য চৰকাৰৰ অনুসূচিত জাতিৰ মাজত শ্ৰেণী বিভাজন সৃষ্টি কৰাৰ অধিকাৰ নাই।” তাৎপৰ্যপূৰ্ণভাৱে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জাতি-জনজাতিৰ মাজত তুলনামূলকভাৱে পিছপৰা অংশক পৃথকে পৃথকে চিনাক্ত কৰি বিশেষ সংৰক্ষণৰ সুবিধা প্ৰদান কৰিবলৈও পৰামৰ্শ দিছিল।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কিছুমান ৰাজ্যত অনুসূচিত জাতি আৰু আনকি ‘অতি পিছপৰা শ্ৰেণী’ হিচাপে চিনাক্ত কৰা অ’বিচিৰ বাবেও অনুসূচিত জাতি-জনজাতিৰ কোটাৰ ভিতৰত পৃথক সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। বিহাৰত ডেৰ দশকৰো অধিক পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰে তুলনামূলকভাৱে অধিক পিছপৰা শ্ৰেণীক ‘অতি পিছপৰা’ আৰু ‘মহাদলিত’ বুলি চিনাক্ত কৰি অ’বিচি আৰু দলিত (এছচি)ৰ মাজত পৃথক সংৰক্ষণৰ সুবিধা প্ৰৱৰ্তন কৰিছিল।