ভাৰতীয় বায়ুসেনাৰ ইতিহাসৰ সৰ্ববৃহৎ বিমান যুদ্ধ অনুশীলন এই সপ্তাহৰ পৰা আৰম্ভ হ’ব। স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে ভাৰতীয় বায়ুসেনাই তামিলনাডুৰ ছালুৰ বায়ুসেনা ঘাটিত অহা ৬ আগষ্টৰ পৰা ১৪ আগষ্টলৈ ‘তৰংগ শক্তি’ নামৰ যুদ্ধ অনুশীলনৰ প্ৰথম পৰ্যায়ৰ অনুশীলন অনুষ্ঠিত কৰিব। আমেৰিকাকে ধৰি কমেও ১০খন দেশৰ বিমান বহৰে এই অনুশীলনত অংশগ্ৰহণ কৰিব। আন ১৮খন দেশৰ বায়ুসেনাৰ মুৰব্বীসকল ‘পৰ্যবেক্ষক’ হিচাপে উপস্থিত থাকিব।
বায়ুসেনাৰ সূত্ৰ অনুসৰি ‘তৰংগ শক্তি’ৰ দ্বিতীয় পৰ্যায় পাকিস্তান সীমান্তৰ সমীপত অনুষ্ঠিত হ’ব। ১ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ ৰাজস্থানৰ যোধপুৰ বায়ুসেনা ঘাটিত এই অনুষ্ঠিত হ’ব । অহা মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ‘তৰংগ শক্তি’ত ৰাফেল, সুখয়, মিগ-২৯, মিৰাজ, জাগুয়াৰকে ধৰি ভাৰতীয় বায়ুসেনাৰ প্ৰিমিয়াৰ ফাইটাৰ স্ক্ৱাড্ৰনে অংশগ্ৰহণ কৰিব। থলুৱা প্ৰযুক্তিৰে নিৰ্মিত তেজচৰ উৰণ দেখা যাব এই অনুশীলনত । লগতে বিভিন্ন যুদ্ধত ব্যৱহৃত হেলিকপ্টাৰ আৰু সামৰিক পৰিবহণ বিমানেও এই অনুশীলনত অংশগ্ৰহণ কৰিব। বায়ুসেনাৰ উপ-মুখ্য এয়াৰ মাৰ্শ্বাল এ পি সিঙে বৃহস্পতিবাৰে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে মিত্ৰ দেশসমূহৰ মাজত সামৰিক সহযোগিতা বৃদ্ধি কৰা।
ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত বায়ুসেনাই পাকিস্তান সীমান্তত ‘বায়ুশক্তি’ অনুশীলনৰ আয়োজন কৰিছিল। ৰাজস্থানৰ পোখৰাণ ৰেঞ্জত এই অনুশীলনত অংশগ্ৰহণ কৰে ৰাফেল, মিৰাজ-২০০০, তেজছ লঘু যুদ্ধ বিমান, চিনুক আৰু আপাচি হেলিকপ্টাৰে। তেজছৰ লগতে তৰংগ শক্তি অনুশীলনত অংশ ল’ব থলুৱাভাৱে বিকশিত লাইট কম্বেট চপাৰ প্ৰচণ্ড আৰু চৰকাৰী হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ৰ বহু ভূমিকাৰ হেলিকপ্টাৰ ধ্ৰুৱই। ভাৰতীয় নৌসেনাৰ মিকটুন এন কে বিমানে ছালুৰ অনুশীলনত অংশগ্ৰহণ কৰিব। এয়াৰ মাৰ্শ্বাল সিঙে কয় যে ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু পাইলটসকলে এফ-১৮, ইউৰোফাইটাৰ টাইফুন, ই এ-১৮ৰ দৰে যুদ্ধ বিমানৰ সৈতে অনুশীলনৰ সুযোগ পালে উপকৃত হ’ব।