সামাজিক মাধ্যমতে বহুলোক বহুসময় ব্যয় কৰা পৰিলক্ষিত হয় ৷ সাৰ পোৱাৰ পৰা নিশা শোৱালৈকে বেছিভাগ সময় ছ’চিয়েল মিডিয়াত কটায়। কোনোৱে কামৰ বাবে আৰু কোনোৱে চখৰ বাবে সামাজিক মাধ্যমত সময় কটায় ৷ জৰুৰী কামৰ মাজত সামাজিক মাধ্যমত ক্ষন্তেক চকু ফুৰুৱাটো কিছুমানৰ বাবে নিচা হৈ পৰিছে। এই নিচাই বহুতৰে কাঢ়ি নিছে নিশাৰ টোপনি ৷ যিয়ে টোপনিৰ স্বাভাৱিক চক্ৰ সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে । শেহতীয়াকৈ কৰা এক অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে।
জাৰ্নেল অৱ এডোলেচেণ্ট হেল্থত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি টোপনিৰ মান আৰু ইয়াৰ স্বাভাৱিক চক্ৰৰ সৈতে স্ক্ৰীণৰ সময় জড়িত। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। ছ’চিয়েল মিডিয়াৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে নিশা টোপনিৰ সময় হ্ৰাস কৰিছে ৷ দিনৰ পিছত দিন এনে অভ্যাস চলি থকাৰ বাবে স্বাভাৱিক টোপনিৰ চক্ৰৰ আমূল পৰিৱৰ্তন ঘটে।
এই অধ্যয়নৰ মুখ্য লেখক তথা ছান ফ্ৰান্সিস্কোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ শিশু চিকিৎসক জেছন নাগাটাই কয়, “আমি দেখিলোঁ যে ফোনটো গোটেই ৰাতিটো অন কৰি ৰখা, আনকি ই চাইলেণ্ট মোডত থাকিলেও বিভিন্ন ডিজিটেল প্লেটফৰ্মৰ পৰা অহা নোটিফিকেচন নিৰৱচ্ছিন্ন টোপনিত ব্যাঘাত জন্মায় ৷ মগজুটো সকলো সময়তে সজাগ হৈ থাকে।“ যাৰ ফলত দিনত কামত মন নবহে ৷ অনবৰতে টোপনিৰ অনুভৱ হয় ৷
এই সমস্যাৰ পৰা মুক্তি পাবলৈ কি কৰিব?
১) শোৱা কোঠাৰ পৰা মোবাইল, টিভি, লেপটপ বা কম্পিউটাৰ নাৰাখিব ৷
২) ঘৰলৈ উভতি অহাৰ পিছত নিৰ্দিষ্ট সময়ত মোবাইলটো বন্ধ কৰি দিয়া ভাল।
৩) প্ৰয়োজন হ’লে ঘৰৰ সদস্যৰ লগত আড্ডা দিব। ছ’চিয়েল মিডিয়াত সক্ৰিয় হ’বলৈ ৰাতি সাৰ পাই থকাৰ প্ৰয়োজন নাই।