সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত দিল্লীৰ উপকণ্ঠ অঞ্চলৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত হিন্দন বায়ুসেনা ঘাটিত অৱতৰণ কৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিমানখন ৷ প্ৰৱল বিৰোধিতাৰ সন্মুখীন হৈ দেশ এৰি পলায়ন কৰি ভাৰতত আশ্ৰয় লয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৱশ্যে হাছিনাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰত ইতিমধ্যে সাজু হৈ আছিল। প্ৰাপ্ত তথ্য অনুসৰি ভাৰতীয় বায়ুসেনাৰ ৰাডাৰে সকলো সময়তে বাংলাদেশৰ আকাশৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। সন্ধিয়ালৈকে বাংলাদেশ বায়ুসেনাৰ চি-১৩০ বিমান আজাক্স ১৪১৩ হাছিনা আৰু তেওঁৰ ভগ্নী ৰেহানাক লৈ গাজিয়াবাদত উপস্থিত হয়। সূত্ৰ অনুসৰি হাছিনাৰ বিমানখনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পশ্চিম বংগৰ হাছিমাৰা বিমান ঘাটিৰ পৰা বিহাৰ আৰু ঝাৰখণ্ডৰ আকাশলৈ উৰা মাৰিছিল ১০১ স্ক্ৱাড্ৰনৰ দুখন ৰাফেল যুঁজাৰু বিমান।
হাছিনাৰ ভাৰতলৈ অহাৰ বিষয়টোক লৈ দেশৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বীসকলৰ সৈতে কেইবাখনো বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে শ্বেখ হাছিনাক হিন্দন বায়ুসেনা ঘাটিত আদৰণি জনায়। সংবাদ সংস্থা এএনআইৰ মতে, বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভতো তেওঁলোকৰ মাজত দীঘলীয়া আলোচনা হৈছিল।
কাকতলীয়াকৈ ক’বলৈ গ’লে হিণ্ডন এয়াৰবেছ এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ। বায়ুসেনাৰ পশ্চিম বায়ুসেনাই এই বিমান ঘাটিটো তদাৰক কৰে। এক সূত্ৰৰ পৰা জানিব পৰা মতে, বাংলাদেশ বায়ুসেনাৰ কাৰ্গো বিমানত হাছিনা গাজিয়াবাদত অৱতৰণ কৰে। ভগ্নী শ্বেখ ৰেহানা আৰু কেইজনমান উচ্চ পদস্থ বিষয়া তেওঁৰ লগত আছিল।
অৱশ্যে হাছিনাই দেশ এৰিলেও বাংলাদেশৰ পৰিস্থিতি এতিয়াও শাম কটা নাই ৷ অব্যাহত আছে প্ৰতিবাদ ৷ ইতিমধ্যে সেনাই দেশৰ শাসন ব্যৱস্থা নিয়ন্ত্ৰণ কৰিছে ৷ এই সমগ্ৰ ঘটনাই ভাৰতত বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ ঘনে ঘনে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে ৷ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে নিৰপত্তা পৰিষদৰ বৈঠক ৷ জানিব পৰা মতে হাছিনাই এতিয়াও ভাৰতত ৰাজনৈতিক আশ্ৰয় বিচৰা নাই ৷ ইয়াৰ পৰিৱর্তে তেওঁ ব্ৰিটেইনত ৰাজনৈতিক আশ্ৰয় বিচাৰিছে ৷ অৱশ্যে এতিয়াও সমগ্ৰ পৰিস্থিতি নিৰীক্ষণত ৰখা ব্ৰিটেইনে এতিয়াও অনুমতি প্ৰদান কৰা নাই ৷ যাৰ বাবে ভাৰততে তেওঁ বর্তমান আশ্ৰয় লৈ আছে ৷
ইফালে বাংলাদেশৰ এই সমগ্ৰ ঘটনাৰ আঁৰত পাকিস্তানৰ সংযোগ থকা বুলি প্ৰকাশিত খবৰে উদ্বিগ্ন কৰি তুলিছে ভাৰতক ৷বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত আজি সৰ্বদলীয় বৈঠকত বিৰোধী নেতা ৰাহুল গান্ধীয়ে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন নিক্ষেপ কৰে। তেওঁ পোনপটীয়াকৈ প্ৰশ্ন কৰে যে সমগ্ৰ ঘটনাৰ সৈতে পাকিস্তানৰ কিবা সম্পৰ্ক আছে নে নাই। এই পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতি কি হ’ব সেয়াও জানিব বিচাৰিছিল কংগ্ৰেছৰ সাংসদগৰাকীয়ে।
মঙলবাৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সকলো পক্ষৰ সৈতে বৈঠকত মিলিত হয় বৈদেশিক মন্ত্ৰী জয়শংকৰে। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আদি উপস্থিত থাকে। তাতেই ৰাহুলে পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছিল যে যোৱা সপ্তাহত বাংলাদেশৰ পৰিস্থিতি অৱনতি ঘটা আৰু তাৰ ফলত হাছিনাক উৎখাত কৰাৰ সৈতে বিদেশী শক্তি বিশেষকৈ পাকিস্তানৰ কিবা সম্পৰ্ক আছে নেকি? জয়শংকৰে উত্তৰত কয় যে বিষয়তে এতিয়াও তদন্ত অব্যাহত আছে। তেওঁ লগতে কয় যে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ সময়ত এজন পাকিস্তানী কূটনীতিবিদে ছ’চিয়েল মিডিয়াত কেইবাবাৰো নিজৰ প্ৰফাইল পিকচাৰ সলনি কৰাৰ তথ্য কেন্দ্ৰৰ হাতত আছে। আনহাতে জয়শংকৰে কয় যে কেন্দ্ৰই এতিয়াও সকলো দিশৰ ওপৰত চকু ৰাখিছে। বাংলাদেশ সেনাৰ সৈতেও নতুন দিল্লীৰ যোগাযোগ অব্যাহত আছে। পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰই সিদ্ধান্ত ল’ব।
উল্লেখ্য যে হাছিনাৰ পদত্যাগৰ পিছত আপাততঃ বাংলাদেশৰ সেনাই শাসনভাৰ দখল কৰিছে। সোমবাৰে সেনা প্ৰধান ৱাকাৰ উজ জামানে কয় যে শীঘ্ৰে অন্তৱৰ্তীকালীন তত্ত্বাৱধায়ক চৰকাৰ গঠন কৰা হ’ব। সেই নিশাই ৰাজনৈতিক দলৰ নেতাসকলে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। তিনিমাহৰ ভিতৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰি নির্বাচিত চৰকাৰ গঠনৰ সিদ্ধান্ত প্ৰকাশ কৰে ৰাষ্ট্ৰপতিয়ে ৷
বাংলাদেশৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে সোমবাৰে কেন্দ্ৰীয় কেবিনেটৰ নিৰাপত্তা পৰিক্ৰমা সমিতিৰ জৰুৰী বৈঠক আহ্বান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে নিশা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত আয়োজিত বৈঠকত গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বৈদেশিক মন্ত্ৰীও উপস্থিত থাকে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মুখ্য সচিব পি কে মিশ্ৰ, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালক ৰবি সিং আৰু তপন ডেকা উপস্থিত থাকে।