কম বেছি পৰিমাণে সকলোৱে জানে যে পুষ্টিৰ ক্ষেত্ৰত মধুৰিআম কিমান উপকাৰী। কিন্তু বহুতেই এই কথা নাজানে যে মধুৰিআমৰ পাত গুণগত মানৰ ফালৰ পৰা কম নহয়। দাঁতৰ বিষ হ’লে মধুৰিআমৰ পাত চোবালে উপশম পোৱা যায় । মধুৰিআম পাতৰ সৈতে সিজোৱা পানীয়ে মাউথৱাছৰ বিকল্প হিচাপে অতি উত্তম কাম কৰে। যদি মুখগহ্বৰত বেক্টেৰিয়াৰ সংক্ৰমণ হয়, তেন্তে এই পাতে নিয়ন্ত্ৰণ কৰিব পাৰে। মধুৰিআমৰ পাতৰ আন বহুতো গুণ আছে। আপুনি জানেনে সেইবোৰ কি?
১) হজম শক্তিত সহায় কৰে
শিশুৰ বদহজম বা ডায়েৰিয়া হ’লে মধুৰিআমৰ পাতৰ সিজোৱা পানী ঘৰুৱা ঔষধ হিচাপে সেৱন কৰিব পাৰি। কোমল পাত চোবাইলেও একে কাম কৰে।
২) তেজৰ শর্কৰা নিয়ন্ত্ৰণ
মধুৰিআমৰ পাতত থকা ফেনলিকে অতিৰিক্ত শর্কৰা শোষণ কৰাত বাধা দিয়ে। গতিকে ডায়েবেটিছ ৰোগীয়ে এই পাত চোবালে লাভান্বিত হ’ব ৷
৩) ওজন নিয়ন্ত্ৰণ কৰে
মধুৰিআমৰ পাতত আঁহৰ পৰিমাণ বেছি। এই আঁহে অন্ত্ৰ সক্ৰিয় কৰি ৰখাত সহায় কৰে। ফলত বিপাকীয় ক্ৰিয়া উন্নত হয়। বিপাকীয় ক্ৰিয়া ভাল হ’লে চৰ্বি সোনকালে শৰীৰত জমা নহয় ৷
৪) নতুন চুলি গজাবলৈ
চুলি সৰাৰ হাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই নেকি ? মধুৰিআমৰ পাতে চুলিৰ গুৰি মজবুত কৰাত সহায় কৰে। নিয়মিতভাৱে মধুৰিআম পাতৰ সিজোৱা পানীৰে মূৰ ধুলে চুলিৰ গুৰিবোৰে পুষ্টিকৰ উপাদান লাভ কৰে। নতুন চুলিও গজে।
৫)ছালৰ যত্ন
মধুৰিআম পাতত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। যিটো ছালৰ যত্নতো অতি ফলপ্ৰসূ। মধুৰিআমৰ পাতে ছালৰ উজ্জ্বলতা পুনৰ ঘূৰাই অনা আৰু ক’লা দাগ আঁতৰোৱাতো সহায় কৰে।