পিজিআৰ-ভিজিআৰ ভূমিত থকা অবৈধ লোকসকলক উচ্চেদৰ দাবীৰে ডিফুত অব্যাহত আছে প্ৰতিবাদী কার্যসূচী ৷ প্ৰতিবাদীক নিয়ন্ত্ৰণ কৰিবলৈ ডিফুত শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে। প্ৰতিবাদী সমদল বাধা দিবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় । প্ৰতিবাদীক নিয়ন্ত্ৰণৰ বাবে গুলীচালনাৰ লগতে লাঠি চালনাও কৰে আৰক্ষীয়ে।
কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদ কৰিবলৈ সংশ্লিষ্ট প্ৰশাসনক দাবী উত্থাপন কৰিছিল ৷ বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰিছিল এই প্ৰতিবাদী সমদলত। ইয়াকে লৈ ডিফুৰ আমোলাপট্টীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
ডিফুৰ বিৰলা অঞ্চলৰ পৰা এই প্ৰতিবাদী সমদল উলিওৱা হৈছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ দিশে আগবাঢ়িছিল প্ৰতিবাদী সমদলটো। আৰক্ষীৰ পথ নিৰ্দেশনা নমনা বাবেই আৰক্ষীয়ে বাধা প্ৰদান কৰে প্ৰতিবাদীসকলক ক।