নিমাতীঘাটত দুৰ্ঘটনাগ্ৰস্ত ফেৰী ‘মা কমলা’ৰ স্বত্বাধিকাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ কৰাৰ খবৰ সম্প্ৰতি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। খবৰ অনুসৰি সোমবাৰে কলিতাক ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হয়।
ভয়ংকৰ ফেৰী দুর্ঘটনাটোৰ পাছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া-কর্মচাৰীৰ মইমতালি আৰু কমিচনৰ অংকৰ হিচাপ উন্মোচিত হোৱাৰ সমান্তৰালভাৱে পানীৰাম কলিতাৰ নাম বিশেষভাৱে চৰ্চালৈ আহিছিল।
দুর্ঘটনাগ্রস্ত ফেৰী ‘মা কমলা’ৰ মালিকো হৈছে ছিণ্ডিকেটৰ গুৰি ধৰোঁতা পানীৰাম কলিতা৷ দুৰ্ভাগ্যজনক ভাৱে কলিতাক এইবাৰ ভাগ্যই লগ নিদিলে। ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমৰ পৰা সোমবাৰে কলিতাক গ্ৰেপ্তাৰ কৰা হয় l
তথ্য অনুসৰি পানীৰাম কলিতাৰ তিনিখন ফেৰী দীর্ঘদিন ধৰি নিমাতীঘাটত চলি আহিছিল৷ মা কমলাৰ লগতে বাকী দুখন ফেৰীৰো ম্যাদ উকলি গৈছিল। বিপদশংকুল ব্ৰহ্মপুত্ৰৰ বুকুৰে ভৰ বাৰিষা এনে ধৰণৰ অক্ষম নাৱেৰে যাতায়ত কৰাটো যাত্ৰীৰ জীৱনক লৈ কৰা ধেমালিৰ বাদে অন্য একো নহয় বুলি একাংশই মন্তব্য কৰিছে।
ভয়াবহ নিমাতীঘাটৰ ফেৰী দুর্ঘটনাটোৰ পাছত ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰি যোৰহাট আৰক্ষীয়ে অসুস্থ বুলি হাস্পতালত ভৰ্তি হৈ থকা কলিতাক গ্ৰেপ্তাৰ কৰে। তথ্য অনুসৰি ফেৰী দুৰ্ঘটনা সংক্ৰান্তত যোৰহাট আৰক্ষীয়ে বৰ্তমানলৈকে ১২ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
দুৰ্ঘটনাটোত ২৮ বছৰীয়া পৰিমিতা দাসৰ মৃত্যু ঘটাৰ লগতে ৰাজগড় হাইস্কুলৰ এগৰাকী শিক্ষক ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ কাজিৰঙাত উদ্ধাৰ হয়। আনহাতে ফেৰীখনৰ এগৰাকী যাত্ৰী চিকিৎসক ডাঃ বিক্ৰমজিৎ কাকতি এতিয়াও সন্ধানহীন হৈ আছে।