ফুল সৌন্দৰ্যবৰ্ধক আৰু পবিত্ৰ প্ৰতীক হিচাপে সাধাৰণতে ব্যৱহাৰ কৰা হয়। ফুলৰ কথা ভাবিলেই মনটো যেন কবিতা কবিতা লাগে। ফুল অবিহনে যেন কবিৰ কবিতা অসম্পূৰ্ণ । বিভিন্ন প্ৰকাৰৰ ফুলৰ পৰা সুগন্ধি প্ৰস্তুত , মালা , ফুলৰ টোৰা , পূজা আৰু মাংগলিক কাৰ্যত ব্যৱহাৰ হয় যদিও ফুলৰ দ্বাৰা বিভিন্ন ৰোগৰ চিকিৎসা কৰি সুফল পাব পাৰি। নাৰ্জি ফুলৰ ঔষধি গুণবোৰৰ বিষয়ে জানো আহকচোন এই প্ৰতিবেদন যোগে —
১) নাৰ্জি ফুল বীজাণুনাশক। নাৰ্জি ফুলে নখৰ ৰোগ ভাল কৰিব পাৰে।
২) নাৰ্জি ফুলৰ গুটিয়ে মহৰ কণী আৰু অন্যান্য কীটাণু নাশ কৰে।
৩) কটা -ছিঙাত তেজ বন্ধ কৰিবলৈ নাৰ্জি ফুলৰ ৰস দিলে তেজ বন্ধ হয় আৰু ঘা সহজে শুকায়।
৪) নাৰ্জি ফুলৰ ৩ চামুচ ৰস আধা চামুচ মাখন দিনে এবাৰকৈ লগালে অৰ্শ ৰোগ ভাল হয়।
৫) বিছাই ডাকিলে নাৰ্জি ফুলৰ ৰস লগালে ভাল হয়।
৬) বিষাক্ত সাপে খুটিলে নাৰ্জি ফুল পিহি মলম কৰি লগালে বিষ কমে।
৭) এচামুচ পূৰঠ নাৰ্জি ফুলৰ গুটিত চেনি মিহলি কৰি দিনে এবাৰকৈ ৭/৮ দিন খালে স্বপ্নদোষ ভাল হয়।
গতিকে আমাৰ বাগিছাত থকা নাৰ্জি ফুল কেৱল সৌন্দৰ্য বৰ্ধনকাৰী ফুলেই নহয় ।এই নাৰ্জি ফুল বহুতো ঔষধি গুণেৰেও ভৰপূৰ।