প্ৰায় সকলোৱে মাছ খাই ভাল পায়। তাৰ ভিতৰত শিঙি মাছ বহুতৰে প্ৰিয় হোৱাৰ দৰে কিছুমানে আকৌ এই মাছ খাই ভাল নাপায়। জিয়া শিঙি মাছ ৰোগীৰ খাদ্য হিচাপে পৰিচিত যদিও আপুনি জানেনে নিয়মিত শিঙি মাছ খালে কি হয়। শিশু সকলে এই মাছ খোৱাৰ কিমান প্ৰয়োজন আছে। এই বিষয়ে বিশেষজ্ঞ সকলে কি মত আগবঢ়াইছে জানো আহক এই প্ৰতিবেদন যোগে
১) শিঙি মাছ কেৱল খাবলৈয়ে সোৱাদ যুক্ত নহয় এই মাছৰ পুষ্টিগুণ আন যিকোনো মাছৰ তুলনাত বহুত বেছি। আইৰণ আৰু কেলছিয়াম বহুত বেছি পোৱা যায় এই মাছবিধত। এনিমিয়াৰ সমস্যাত ভোগা ব্যক্তিয়ে শিঙি মাছ খালে উপকাৰ হয়।
২) বিশেষজ্ঞ সকলৰ মতে , জিয়া শিঙি মাছ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
৩) কেলছিয়ামে হাড় মজবুত কৰে। যি সকল ব্যক্তিয়ে কেলছিয়ামৰ অভাৱত ভোগে , তেওঁলোকে নিয়মিত এই মাছ খালে কেলছিয়ামৰ অভাৱ পূৰণ হয়। শিশু সকলেও এই মাছ খালে উপকাৰ পায়।
৪) চৰ্দি-কফৰ বাবেও এই মাছ উপকাৰী। নিয়মিত শিঙি মাছ খালে কফৰ সমস্যা কমি যায়।
৫) সন্তান জন্ম হোৱা মহিলাৰ বাবেও শিঙি মাছ উপকাৰী। স্তন পান কৰোৱা মাতৃয়ে শিঙি মাছ খোৱা উচিত।
৬) শিঙি মাছত থকা উপাদান সমূহে বাত বিষ কমোৱাৰ লগতে শৰীৰ সুস্থ হৈ থকাত সহায় কৰে।
৭) পুষ্টিবিদ সকলৰ মতে , শিঙিমাছ খুবেই সুস্বাদু আৰু পুষ্টিকৰ মাছ। প্ৰ’টিন , ভাল ফেট, ভিটামিন আৰু মিনাৰেল সমৃদ্ধ এই মাছ আমাৰ খাদ্য তালিকাত থকাটো অতি প্ৰয়োজনীয়।
৮) ভিটামিন এ’ আৰু ভিটামিন ডি’ সমৃদ্ধ হোৱা বাবে শিঙি মাছ খালে হাড়ৰ গঠন , দৃষ্টি শক্তি আৰু ছাল সুন্দৰ বৈ থাকে।
৯) কেলৰি কম আৰু চৰ্বিহীন প্ৰ’টিনৰ পৰিমান বহুত বেছি শিঙি মাছত।
এই মাছত ওমেগা ৩ ‘এচিড , স্বাস্থ্যকৰ চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ বুলি জানিবলৈ দিছে বিশেষজ্ঞ সকলে।
১০) শিঙি মাছৰ পাতলকৈ জোল বনাই খালে অসুস্থ অৱস্থাত শিশুৰ লগতে ডাঙৰেও উপকাৰ পায়।
শিঙি মাছৰ অপকাৰী গুণ নথকাৰ বাবে সকলোৱে এই মাছ খাব পাৰে। কিন্তু প্ৰচুৰ পৰিমাণে ফছফৰাছ , মেংগানিজ আৰু পটাছিয়াম থকাৰ বাবে কিডনীৰ সমস্যা থকা ব্যক্তিয়ে এই মাছ কমকৈ খোৱা উচিত বুলি বিশেষজ্ঞ সকলে জানিবলৈ দিছে।