গাখীৰ খালে ই গেছ হয় নেকি আপোনাৰো ? বৃদ্ধ বয়সত হাড়ৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ গাখীৰৰ সলনি কি খাদ্য খাবলৈ লাগে জানে নে বাৰু। বয়স বাঢ়ি অহাৰ লগে লগে যাতে হাড়ৰ সমস্যাত ভূগিব লগীয়া নহয় তাৰ বাবে প্ৰতিদিনে এক গিলাচ গাখীৰ খোৱা অতি প্ৰয়োজনীয়। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম থকা বাবে চিকিৎসক সকলে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে। হাড়ৰ ক্ষতি ৰোধ কৰিবলৈ কেলচিয়াম খোৱা অতি প্ৰয়োজনীয়। কিন্তু বহুতেই গাখীৰ খাবলৈ পচন্দ নকৰে । আনহাতে গাখীৰ খালে কিছুমান ব্যক্তিৰ গেছ , অম্বলৰ সমস্যা হয় বাবে গাখীৰ খোৱাৰ পৰা বিৰত থাকে। গাখীৰ নোখোৱাৰ ফলত শৰীৰত কেলচিয়ামৰ অভাৱ হ’ব পাৰে। গতিকে সুস্থ হাড়ৰ অধিকাৰী হৈ থাকিবলৈ গাখীৰৰ সলনি আন খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়। গাখীৰ নোখোৱাকৈ কি খাদ্যৰ যোগেদি হাড় শক্তিশালী কৰি ৰাখিব পাৰি জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। কাঠবাদামৰ গাখীৰ :- ১ কাপ কাঠবাদামৰ গাখীৰত ২০০ ৰ পৰা ৩০০ মিলি গ্ৰাম কেলচিয়াম থাকে। কেলচিয়ামৰ উপৰিও কাঠবাদামৰ গাখীৰত ভিটামিন ডি’, থাকে যি হাড়ৰ বাবে অতি উপকাৰী। এই গাখীৰত কেলৰীৰ পৰিমাণ কম থাকে । গতিকে এই গাখীৰ খালে ওজন বৃদ্ধি হোৱাৰ আশংকা নাথাকে।
২)। ওট মিল্ক :- ১ কাপ ওট মিল্কত কেলচিয়ামৰ পৰিমাণ প্ৰায় ৩৫০ গ্ৰাম থাকে। ওটচৰ পৰা এই গাখীৰ তৈয়াৰ কৰা হয়। ওট মিল্ক ত ভিটামিন ডি’ পোৱা যায়। গাখীৰৰ অত্যন্ত স্বাস্থ্যকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয় এই পানীয়ক। ওট মিল্ক খালে শৰীৰৰ ক্ষতি হোৱাৰ ভয় নাথাকে। কফিৰ লগত নাইবা এই গাখীৰ স্মুদি বনাইও খাব পৰা যায়।
৩)। নাৰিকলৰ গাখীৰ :- নাৰিকলৰ গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। ১ কাপ নাৰিকলৰ গাখীৰত কেলচিয়ামৰ পৰিমাণ প্ৰায় ৪৫০ মিলি গ্ৰাম পোৱা যায়। নাৰিকলৰ গাখীৰ , গাখীৰ হিচাপেও খাব পাৰি। আনহাতে বিভিন্ন ব্যঞ্জনত নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰা হয়। এই গাখীৰেৰে ৰন্ধা খাদ্য অতি সোৱাদ যুক্ত হয়।
গাখীৰ খালে যদি গেছৰ সমস্যা হয় তেনেহলে হাড় শক্তিশালী কৰি ৰাখিবলৈ গাখীৰৰ সলনি এই এই খাদ্য বোৰ খালে হাড়ৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।