কোষ্ঠকাঠিন্যত ভূগিছে নেকি আপুনিও? ৰাতি টোপনি যোৱাৰ আগতে কুহুমীয়া পানীত ইছৱগুল মিহলাই খোৱাৰ পাছতো পেট পৰিষ্কাৰ হোৱা নাই নেকি?
ঘৰুৱা বিধানেৰে সমস্যা সমাধান নহ’লে দৰৱ খাব লগীয়া হয়। বাথৰুমত ঘণ্টাৰ পিছত ঘণ্টা সময় কটাবলগীয়া হৈ বিৰক্ত অনুভৱ কৰিব লগীয়া হয়। বাহিৰৰ খাদ্যৰ প্ৰতি স্পৃহা, পানী কমকৈ খোৱা, তেল মচলা যুক্ত খাদ্যৰ প্ৰতি আসক্তি এইবোৰে কোষ্ঠকাঠিনতাৰ সম্ভাৱনা বঢ়াই তোলে। সেয়েহে কোষ্ঠকাঠিন্য হ’লে খোৱা খাদ্যৰ প্ৰতি সচেতন থাকিব লাগে। দৰৱ খালে সাময়িক ভাৱে সকাহ পোৱা যায় যদিও সম্পূৰ্ণ ৰূপে নিৰাময় নহয়। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে, কোষ্ঠকাঠিন্য কমাব পাৰে এই কেইবিধ ভেষজ চাহে। ৰাতিপুৱা কোন কেইবিধ চাহ পান কৰিলে কোষ্ঠকাঠিনৰ পৰা পৰিত্ৰাণ পাব পাৰি জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। ছফগুটিৰ চাহ :- ছফগুটিৰ চাহে পাচন তন্ত্ৰৰ পেশীবোৰ শিথিল কৰি ৰাখিব পাৰে। নিয়মিত ছফগুটিৰ চাহ খালে কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাব পাৰি।
২)। আদা চাহ :- ৰাতি পুৱা একাপ আদা দিয়া চাহ খালে গোটেই দিনটোৰ ক্লান্তি নোহোৱা হোৱাৰ লগতে পেট পৰিষ্কাৰ হয়। তাৰোপৰি এই পানীয়ৰ দ্বাৰা গেছ, অম্বলৰ সমস্যাও নোহোৱা কৰে। কিন্তু এই চাহ খোৱাৰ লগে লগে সমস্যাৰ সমাধান নহয়। এই পানীয় একেৰাহে তিনি সপ্তাহ খালে সুফল পোৱা যায়।
৩)। পুদিনা চাহ :- গেছ, অম্বলৰ সমস্যা কমায় পদিনাপাতে। কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে পদিনা পাতৰ ওপৰত ভৰষা কৰিব পাৰি। পদিনাৰ পাতে শৰীৰক ভিতৰৰ পৰা ঠাণ্ডা ৰখাত সহায় কৰে। পদিনা পাতত এণ্টি অক্সিডেণ্ট গুণ থকাৰ বাবে খাদ্য বস্তু হজম হোৱাত সহায় কৰে। গতিকে কোষ্ঠকাঠিন্যত কষ্ট পাই থাকিলে পদিনাৰ চাহ পান কৰিলে উপকাৰ পোৱা যায়।
যদিহে আপুনি কোষ্ঠকাঠিন্যত কষ্ট পাই আছে বা দৰৱ খোৱাৰ পাছতো সম্পূৰ্ণকৈ এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই তেনেহলে এই ভেষজ চাহ পান কৰিলে কোষ্ঠকাঠিন্যৰ পৰা মুক্তি লাভ কৰিব পাৰিব।