দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছতেই অলপ বিশ্ৰাম লোৱাৰ বহুতৰেই অভ্যাস। বিশ্ৰাম লওঁতেই কেতিয়াবা আকৌ টোপনি আহি যায়। কৰ্মক্ষেত্ৰত থকা বহুতেই আকৌ অফিচৰ চেয়াৰতেই ৫ -১০ মিনিট টোপনি মাৰি লোৱা অভাস গঢ়ি তোলা দেখা যায়। যি কোনো খাদ্য খোৱাৰ পিছতেই তেজত চুগাৰ নিয়ন্ত্ৰণৰ বাবে প্যেনকিয়াছত ইনছুলিন তৈয়াৰ হ’বলৈ ধৰে। খাদ্য বেছিকৈ খালে বেছি ইনছুলিন উৎপন্ন হয়। এই হৰম’ন মগজুত গৈ বিপাক ক্ৰিয়াৰ যোগেদি সেৰ’ট’নিন আৰু মেলাটনিনত পৰিণত কৰে। এই মেলাট’নিনেই হ’ল টোপনিৰ হৰমন। দিনৰ টোপনিক দিবা নিদ্ৰা বুলি কোৱা হয়। এই দিবা নিদ্ৰাৰ বিষয়টো লৈ বহুতেই অভিযোগ কৰা দেখিবলৈ পোৱা যায়।কিছুমানৰ মতে এইটো অসময়ৰ টোপনি। এই টোপনিৰ ফলত শৰীৰত মেদ বৃদ্ধি হয়। স্বাস্থ্যবিদ সকলৰ মতে , দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ – ১৫ মিনিট টোপনি যোৱা অতি জৰুৰী। এই টোপনিৰ ফলত কি উপকাৰ হয় জানো আহক এই প্ৰতিবেদন যোগে —
১) দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত ১০- ১৫ মিনিট টোপনি গলে শৰীৰ শান্ত হোৱাৰ লগতে বিপাক ক্ৰিয়াক তৰান্বিত কৰাত সহায়ক হয়।
২) উচ্চ ৰক্তচাপত ভোগা ব্যক্তিয়ে দুপৰীয়া আহাৰ খোৱাৰ পিছত ১০-১৫ মিনিট টোপনি যাব পাৰে। কিন্তু খাদ্য খোৱাৰ পিছত অলপ সময় খোজকঢ়া প্ৰয়োজন। দুপৰীয়াৰ বিশ্ৰামৰ ফলত ৰক্তচাপৰ ভাৰসাম্য কমোৱাত সহায় কৰাৰ লগতে খং আৰু মানসিক চাপ কমাব পাৰে।
৩) দুপৰীয়া আহাৰ খোৱাৰ পিছত ১০-১৫ মিনিট টোপনি যোৱাৰ ফলত মানসিক ভাৱে সুস্থ থকাৰ লগতে শাৰীৰিক ভাবেও সুস্থ থকাত সহায় কৰে।
৪) ডায়বেটিছ , থাইৰয়েড, পিছিঅডিৰ সমস্যা থাকিলেও দুপৰীয়াৰ অলপ সময়ৰ টোপনিয়ে শৰীৰ ভালে ৰখাত সহায় কৰিব পাৰে।
৫) দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত ১০-১৫ মিনিট টোপনি যোৱাৰ ফলত স্মৃতি শক্তি বৃদ্ধি পায় আৰু মন মেজাজও ভালে থাকে।
দুপৰীয়াৰ টোপনিৰ উপকাৰীতা আছে যদিও বেছি সময় টোপনি গ’লে অপকাৰ হোৱাৰহে সম্ভাৱনা থাকে। খাদ্য গ্ৰহণ কৰাৰ পিছত সদায় খোজ কঢ়াৰ প্ৰয়োজন আৰু বিশ্ৰাম লোৱাৰ দৰে অলপ সময়হে টোপনি যোৱা উচিত।