বৰ্তমান সময়ত বহুতেই টফু খোৱা দেখিবলৈ পোৱা যায়। কিন্তু এই টফুৰ বিষয়ে জানিবলৈ মন যায় নিশ্চয়। খৃষ্টপূৰ্ব ২২০ মানতে চীনৰ হান ৰাজবংশৰ শাসনকালত ৰজাৰ এগৰাকী ৰান্ধনীয়ে ভুলবশত এই খাদ্যবিধৰ আৱিষ্কাৰ কৰিছিল। দেখাত পনীৰৰ দৰে এই খাদ্য বিধৰ নাম টফু। পূৰ্বতে দুই এঠাইত দেখা গৈছিল যদিও বৰ্তমান ভাৰতৰ আন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন ঠাইত এই বিশেষ খাদ্য বিধে জনপ্ৰিয়তা লাভ কৰি আহিছে। ছয়াবিনৰ গাখীৰৰ পৰা তৈয়াৰ কৰা টফু বহুতো পুষ্টি গুণেৰে ভৰপূৰ। ছ’য়াবিনৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা বাবে ইয়াক ছ’য়া পনীৰ বুলিও কোৱা হয়। দেখাত পনীৰৰ দৰে লাগিলেও সোৱাদ আৰু গুণাগুণৰ ফালৰ পৰা টফু সম্পূৰ্ণ বেলেগ। বহুলোকে গৰু বা মহৰ গাখীৰ হজম কৰিব নোৱাৰে। তেওঁলোকে গাখীৰ বা আন দুগ্ধ জাত খাদ্যৰ বিকল্প হিচাপে ছ’য়া গাখীৰ আৰু ছ’য়া পনীৰ খোৱা দেখিবলৈ পোৱা যায়। টফুত প্ৰচুৰ পৰিমাণে ভেষজ প্ৰ’টিন থকাৰ লগতে শূণ্য কলেষ্টেৰল আৰু ফেট কম থকা বাবে টফু স্বাস্থ্যকৰ খাদ্য হিচাপে ব্যৱহৃত হৈ আহিছে। এই খাদ্য বিধত ভিটামিন বি’ অমেগা ৩ ফেট এচিড, জিংক , কেলচিয়াম, মেংগানিজ ,কপাৰ, মেগনেচিয়াম,আইৰণ, ফচফৰাছ আদি উপাদান থাকে। টফু বা ছ’য়া পানীৰ খালে আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে —
১)। টফু নিয়মিত খালে বেয়া কলেষ্টেৰেলৰ পৰিমাণ কমি যায় আৰু ট্ৰাইগ্লিছাৰাইড কমাই ষ্ট্ৰোক আৰু আন আন কাৰ্ডিওভাছকুলাৰ ৰোগৰ সম্ভাৱনা কমোৱাত সহায় কৰে।
২)। টফুত কলেষ্টেৰল আৰু চৰ্বিৰ পৰিমাণ অতি কম থাকে। সেয়েহে টফু খালে ওজন কমাবলৈ সহজ হয়।
৩)। চৰ্বি আৰু কেলৰী কম থকা বাবে ডায়বেটিচ ৰোগীৰ বাবেও টফু এবিধ ভাল খাদ্য। প্ৰতিদিনে কমেও ২০০ গ্ৰাম টফু খালে টাইপ ২ ডায়বেটিচৰ সম্ভাৱনা নোহোৱা হয়।
৪)। টফুত থকা প্ৰ’টিন ছালৰ স্থিতিস্থাপকতা উন্নত কৰে আৰু মুখৰ পেশী বোৰক টান কৰাত সহায় কৰে।
৫)। সম্পূৰ্ণ স্বাস্থ্য সন্মত খাদ্য হিচাপে পৰিচিত টফু প্ৰ’টিন, পুষ্টি, খনিজ আৰু এণ্টি অক্সিডেণ্ট সমৃদ্ধ হোৱা বাবে ইমিউন চিষ্টেমৰ কৰ্ম ক্ষমতা উন্নত কৰাত সহায় কৰে।
টফু খালে ডায়েবেটিচ, উচ্চ ৰক্তচাপ আদি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰাৰ লগতে স্তন আৰু প্ৰ’ষ্টেট কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে। ইয়াৰ উপৰিও বাৰ্ধক্য ৰোধ কৰাৰ লগতে মনোপ’জৰ লগত সম্পৰ্কিত সমস্যা বোৰ নোহোৱা কৰিব পাৰে।
টফুত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থকা বাবে ইউৰিক এচিড বেছি থকা বা থাইৰয়েডৰ সমস্যা থকা ব্যক্তিয়ে এই খাদ্য গ্ৰহণ কৰিব নালাগে।