অশ্বগন্ধা এবিধ সৰু,বহুবৰ্ষী গুল্মজাতীয় উদ্ভিদ। আয়ুৰ্বেদৰ অন্যতম গুৰুত্বপূৰ্ণ বনৌষধি হ’ল অশ্বগন্ধা। মানসিক চাপৰ পৰা উপশম পাবলৈ, শক্তিৰ মাত্ৰা বৃদ্ধি কৰিবলৈ, একাগ্ৰতা বৃদ্ধি কৰিবলৈ অশ্বগন্ধাক হাজাৰ হাজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি আহিছে। অশ্বগন্ধা সম্পৰ্কে অধ্যয়ন কৰি বিজ্ঞানী সকলে জনাইছে যে, অশ্বগন্ধাত বিভিন্ন ধৰণৰ যৌগ থাকে যিবোৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উভয়তে যথেষ্ট প্ৰভাৱ পেলাব পাৰে। অশ্বগন্ধা সেৱন কৰিলে শৰীৰৰ শক্তি বৃদ্ধিত বিশেষ ভাৱে উপকাৰী হ’ব পাৰে। ষ্ট্ৰেছ ডিপ্ৰেছনৰ দৰে বহু ধৰণৰ মানসিক স্বাস্থ্য জনিত সমস্যাতো অশ্বগন্ধা সেৱন কৰিলে বিশেষ উপকাৰ হ’ব পাৰে। অশ্বগন্ধাৰ পৰা আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন
১)। অশ্বগন্ধাত এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰি গুণ আছে যিয়ে আমাৰ হৃদয় ৰোগ ভাল কৰে আৰু কলেষ্টেৰল কম কৰাত সহায় কৰে।
২)। অশ্বগন্ধাই অনিদ্ৰা ৰোগ দূৰ কৰি গভীৰ টোপনি হোৱাত সহায় কৰে। যিসকল লোকৰ নিদ্ৰাহীনতা ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকে অশ্বগন্ধা ব্যৱহাৰ কৰিব পাৰে।
৩)। অশ্বগন্ধাই মানসিক চাপ হ্ৰাস কৰে। মানসিক চাপৰ বাবে শৰীৰত বহুতো ক্ষতি হোৱা দেখিবলৈ পোৱা যায়। অশ্বগন্ধাৰ প্ৰয়োগে এই ক্ষতি ৰোধ কৰিব পাৰে।
৪)। অশ্বগন্ধাই পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি কৰে, লগতে বীৰ্যৰ গুণাগুণ উন্নত কৰে।
৫)। অশ্বগন্ধাত এণ্টি কেঞ্চাৰ গুণ পোৱা যায় , সেয়েহে কেঞ্চাৰ ৰোগীয়ে অশ্বগন্ধা ব্যৱহাৰ কৰিলে ভাল ফল পোৱা দেখিবলৈ পোৱা যায়।
৬)। অশ্বগন্ধা মধুমেহ ৰোগীৰ বাবেও উপকাৰী। অশ্বগন্ধা সেৱন কৰিলে তেজত শৰ্কৰাৰ পৰিমাণ কম কৰি মধুমেহ ভাল হোৱাত সহায় কৰে।
৭)। অশ্বগন্ধা সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে অশ্বগন্ধাই।
৮)। থায়ৰয়েডৰ সমস্যা থাকিলে অশ্বগন্ধা সেৱন কৰিলে উপকাৰ পোৱা যায়।
৯)। চকুৰ বিভিন্ন ৰোগৰ বাবেও অশ্বগন্ধা ভাল আয়ুৰ্বেদিক ঔষধ।
১০)। বাতবিষৰ বা গাঁঠিৰ বিষত অশ্বগন্ধা সেৱন কৰিলে উপকাৰ পোৱা যায়।
১১)। অশ্বগন্ধা সেৱন কৰিলে মাংস পেশী শক্তিশালী হয়। খেলৰ লগত জড়িত ব্যক্তিয়ে অশ্বগন্ধা সেৱন কৰি মাংস পেশী শক্তিশালী কৰি তুলিব পাৰে।
১২)। অশ্বগন্ধাই শৰীৰত হোৱা সংক্ৰমণ ৰোধ কৰিব পাৰে।
১৩)। অশ্বগন্ধাই ওজন হ্ৰাস কৰি শৰীৰ সুন্দৰ কৰাত সহায় কৰিব পাৰে।
১৪)। অশ্বগন্ধাত থকা এণ্টি অক্সিডেণ্ট গুণে বাৰ্ধক্য ৰোধ কৰে, ছাল মসৃণ কৰে আৰু ছাল খন ওলমি নোযোৱাকৈ ৰখাত সহায় কৰে।
১৫)। শৰীৰত যিকোনো ঘা হ’লে অশ্বগন্ধাই সেই ঘা শুকোৱাত সহায় কৰে।
অশ্বগন্ধা বহুতো উপকাৰী গুণেৰে ভৰপূৰ যদিও বেছিকৈ ব্যৱহাৰ কৰা উচিত নহয়। যিকোনো আয়ুৰ্বেদিক দৰৱ ৩ ৰ পৰা ৬ মাহলৈ ব্যৱহাৰ কৰিব লাগে। ৰোগ ভাল নহ’লে কিছুদিনৰ বাবে বন্ধ কৰি ৰাখি আকৌ ব্যৱহাৰ কৰিব লাগে।