বৈচিত্ৰময় লোক সংস্কৃতিৰ ভঁৰাল গোৱালপাৰা জিলা। বিবিধ ধৰণৰ লোক কথা, লোকগীত, লোকনৃত্য,লোক উৎসৱৰে সমৃদ্ধ পশ্চিম অসমৰ গোৱালপৰীয়া লোকসংস্কৃতি। নৃত্য গীতেৰে ভৰপূৰ ধৰ্মীয় অনুষ্ঠান কাতি পূজাই গোৱালপাৰা জিলাৰ লোক সংস্কৃতিত এক উল্লেখযোগ্য স্হান অধিকাৰ কৰি আহিছে। কাতি ঠাকুৰ বা কাৰ্তিক দেৱতাৰ পূজা এই অঞ্চলৰ মহিলা সকলৰ জনপ্ৰিয় আৰু আটাইতকৈ ডাঙৰ উৎসৱ অনুষ্ঠান।
সাধাৰণতে কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি পূজা অনুষ্ঠিত হয় যদিও বহুতেই আকৌ নিজৰ সুবিধা মতে আঘোণ মাহত দিন একোটা নিৰ্ধাৰণ কৰি গোটেই আঘোণ মাহ জুৰি এই পূজা পাতে, ইয়াক স্হানীয় ভাষাত ‘ নমলা কাতি’ বুলি কোৱা হয়। এই অনুষ্ঠান সাধাৰণতে নাৰী সকলৰ বাবে আছুতীয়া আৰু পুৰুষ সকলৰ প্ৰবেশ নিষেধ। পূজাৰীয়ে পূজা সামৰাৰ পিছত তাত কেৱল নাৰীৰ প্ৰবেশ সিদ্ধ।
নাৰী সমাজৰ বাবে অতি ৰসাত্মক আৰু আনন্দৰ উৎসৱ কাতি পূজাৰ মূল উদ্দেশ্য হৈছে – সন্তান উৎপাদন আৰু কৃষি শষ্য উৎপাদন। কাতি পূজাৰ আৰম্ভণিৰ পৰা শেষলৈ কেইবাটাও পৰ্যায় আছে –
কুঁহিলাৰে ‘কাতি ঠাকুৰ’ অৰ্থাৎ কাৰ্তিক দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰা হয় আৰু হাতত ধেনু কাঁড় লৈ ময়ূৰৰ পিঠিত আৰোহিত এই দেৱতা।
পূজাৰ বাবে ঘৰৰ চোতালত বা বাহিৰৰ খালি ঠাইত মাটিৰে এটা বেদী বনাই মচি লৈ আলপনাৰে সজাই পৰাই তোলা হয়। ওপৰত চন্দ্ৰ তাপ আৰি দিয়া হয়। চাৰিওফালে চাৰিটা কল গছৰ পুলি ৰুই তিনি ফালে সুতাৰে মেৰাই কল,আম গছৰ পাত, কু়ঁহিলাৰ কদম ফুল ওলোমাই দিয়া হয়। চিত্ৰ বিচিত্ৰ মাটিৰ ঘটত পানী ভৰাই আমৰ পল্লৱ, ফল, সেন্দুৰ, ফুলৰ মালা আদিৰে সজোৱা হয়। কল পুলিৰ গুৰিত চাৰিওফালে চাৰিটা সৰু সৰু ঘট সজাই পৰাই তাত সৰু আকাৰৰ ধেনু কাঁড় বান্ধি দিয়া হয়। কাতি মূৰ্তিৰ সন্মুখত কেইটামান ধানৰ শিহ ৰাখি আৰু পিছফালে ফলৰ সৈতে কাঁইটীয়া ময়না গছৰ ডাল পুতি থৈ দিয়া হয়।
ফল- মূল উপকৰণ,ধূপ- ধূনা, চাকি- বন্তি আদি প্ৰয়োজন অনুসৰি অনা হয়। যিহেতু গোটেই ৰাতি নৃত্য গীতৰ অনুষ্ঠান হয় সেয়েহে গোটেই চোতাল আবৰি ৰভা সাজিব লাগে আৰু চাৰিওফালে কাপোৰেৰে বেৰ দি লোৱা হয়।
পূজাৰ আৰম্ভণিৰ পৰা শেষলৈ থকা পৰ্যায়ৰ বোৰ হৈছে —-
কাতি ঠাকুৰৰ বৰণ, কাতি সিজ্জন বা সৃজন, কাতিৰ দেহৰ বৰ্ণন,কাতিঘানা, নৃত্যানুষ্ঠান, বাদুলহানা আৰু আগলোৱা আদি।
কাতি ঠাকুৰৰ বৰণ পূজাৰ এটি মূখ্য অংশ। এখন নতুন চালনী বা কুলাত ধূপ- দীপ, ফুল, তামোল-পাণ,কল আদি লৈ নাৰী এগৰাকীয়ে ঢাকৰ তালে তালে নাচি আৱাহনী মুদ্ৰা প্ৰদৰ্শনেৰে কাতি দেৱতাক বৰণ কৰি লয়।বৰণৰ পিছত পূজাৰীয়ে পূজা সমাপ্ত কৰি গুচি যায় আৰু তাৰ পাছত স্ত্ৰী আচাৰ আৰম্ভ হয়। তিৰোতাসকলে একেলগ হৈ নৃত্য গীতেৰে শিৱ- চণ্ডীৰ বিয়াৰ পৰা আৰম্ভ কৰি চণ্ডীৰ ৰজঃস্বলা হোৱা,ঋতু স্নানৰ শুদ্ধি, শিৱৰ লগত সহবাস, গৰ্ভধাৰণ আৰু অৱশেষত কাৰ্তিকৰ জন্ম লৈ বৰ্ণনা কৰা হয়। এই নৃত্য গীতত এগৰাকী পাৰ্গত বয়সীয়াল বা বুঢ়ী তিৰোতাই দলটোক পৰিচালনা কৰে। কোনোবা এগৰাকীক চণ্ডীৰ ভাও ল’বলৈ দি আন এগৰাকী পুৰুষৰ পোছাক পৰিধান কৰি শিৱৰ ভাও লয় আৰু হাস্য ৰসেৰে কৌতুক অভিনয় কৰে। কাতি সিজ্জনৰ গানৰ কলি ——
“ বুঢ়া শিৱ পৌঁছিল যায়া নাৰদ ভাগিনীৰ বাড়ী ।
কৰো ভাগিনা বিয়াৰ উপায় তাৰা তাৰি ।।
– – – – – –
– – – –
জোকাৰ দিয়া বুঢ়া শিৱক নিলেক বৰিয়া।
– – – –
বিয়াৰ পৰে শিৱ চণ্ডী বাসৰে সোন্দাইল ।
দুনিত চাউল – কড়ি দিয়া পাশায়ে খেলাইল।।”
নৃত্য গীতেৰে কাৰ্তিকৰ জন্ম কাহিনী গাই যোৱাৰ লগতে চণ্ডীৰ গৰ্ভ ধাৰণ, প্ৰসৱ যন্ত্ৰণা, ধাইক মাতি অনা, ধাইৰ আগমন আৰু অৱশেষত কাৰ্তিকৰ জন্ম আদিৰ অভিনয়ত আদি ৰসাত্মক ভাৱ ফুটি উঠা দেখিবলৈ পোৱা যায়।
কাৰ্তিকৰ জন্মৰ পিছত দেহৰ ৰূপৰ বৰ্ণনাৰে – – –
“ কাতিৰে তোৰ ঠেং বানাইছে কোন জনে,
কাতিৰে তোৰ হাত বানাইছে কোন জনে,
কাতিৰে তোৰ মাথা বানাইছে কোন জনে
– – – ইত্যাদি নৃত্য গীতৰ ভংগিমাৰে ভাৱ প্ৰকাশ কৰা হয়।
ইয়াৰ পিছত আৰম্ভ হয় নৃত্যানুষ্ঠান। এই অনুষ্ঠানত পাঁচ – ছয় বছৰীয়া ছোৱালী, গাভৰু, আদ বয়সীয়া তিৰোতা, বুঢ়ী সকলেও আনন্দত নাচিবলৈ ধৰে। মূৰৰ খোপাৰ পৰা আৰম্ভ কৰি নানা অলঙ্কাৰেৰে ভূষিতা হৈ এই নৃত্য পৰিবেশন কৰে। গীত গোৱা তিৰোতা এগৰাকী থাকে, চটকা , ভাওয়াইয়া আদি নানা সুৰৰ গীতেৰে পৰিবেশ উত্তাল কৰি তোলা হয়। বাদ্য যন্ত্ৰ কেৱল ঢাক। এইটো মাথোঁ তিৰোতাৰ অনুষ্ঠান হোৱা বাবে ঢাকী জন অলপ আঁতৰত থাকি ঢাক বজায়।
ইয়াৰ পিছতেই নাচনী সকলে বাঁহেৰে সৰু সৰুকৈ বনোৱা ধেনু কাঁড় হাতত লৈ ‘ বাদুলীহানা’ নৃত্য আৰম্ভ কৰে – – –
“ দূৰ হৈতে আইলৰে বাদূৰ কলা খাবাৰ আশে ” আদি গীতেৰে নৃত্য কৰে।
নাটকীয় অভিনয়ৰ মাধ্যমেৰে গোৱালপাৰীয়া সাধাৰণ মহিলাৰ অভিনয় কলাৰ বাংময় ৰূপ প্ৰকাশ পায়। মুঠতে কাতি পূজাৰ নৃত্য গীত অভিনয়ত গোৱালপাৰাৰ চহা পৰিয়ালৰ মহিলা সকলৰ ভাষা – সাহিত্য, সংস্কৃতি আৰু কলাৰ অপূৰ্ব সমন্বয় ফুটি উঠে —-
“ কাতি ঠাকুৰেৰ বৰে
পুত্ৰ পাইচোং কোলে।
কাতি ঠাকুৰেৰ বৰে
শষ্য আসিবে ঘৰে ।।”
অৰ্থাৎ কাতি পূজাৰ মূল উপাস্য দেৱতা কাৰ্তিক বা কাতি ঠাকুৰ সন্তান আৰু শষ্য দাতা। তেওঁক পূজা কৰা মানেই পুত্ৰ আৰু শষ্য দুয়োটাই মানৱ সমাজৰ অতি জৰুৰী বস্তু লাভ কৰা।
ইয়াৰ পিছত পূৰ্বতে কুলা এখনত থৈ দিয়া ধানৰ শিহৰ সৈতে ধান গছ কেইডাল কুশৰ সৈতে মূৰত তুলি কাতি ঠাকুৰক প্ৰদক্ষিণ কৰি দলে দলে নাচি নাচি গোসাঁই ঘৰত থৈ সেৱা জনাই গোসাঁই আৰু কাতি ঠাকুৰৰ আশীৰ্বাদ লৈ সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰে।
মুঠতে গোৱালপাৰাৰ স্ত্ৰী কেন্দ্ৰিক কাতি পূজা। এই পূজাত কোনো ধৰ্মীয় বা শাস্ত্ৰীয় নিয়ম নাই। কাতি পূজা হৈছে গোৱালপাৰীয়া কৃষিজীৱি সমাজৰ সাধাৰণ মহিলাৰ মনোবাঞ্ছা পুৰণৰ অৰ্থে উদযাপিত হোৱা নৃত্য -গীত- অভিনয়ৰে এটি প্ৰজননকৃত উৎসৱ ।এনেদৰে আজিৰ দিনটো পশ্চিম অসমৰ নাৰী কেন্দ্ৰিক লোকাচাৰৰ সৈতে ধৰ্মীয় অনুষ্ঠান কাতি পূজা নৃত্য গীতৰ পয়োভৰেৰে আজিও আকৰ্ষণীয় হৈ আছে।