তিল আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী৷ তিল দুই প্ৰকাৰৰ থাকে– ক’লা তিল আৰু বগা তিল। দুয়োবিধ তিলেই পুষ্টি গুণেৰে ভৰপূৰ যদিও আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি বগা তিলতকৈ ক’লা তিলে শৰীৰক অধিক লাভ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে। বগা তিলৰ তুলনাত ক’লা তিলত অধিক মাত্ৰাত আইৰন থাকে৷ ইয়াত ফাইবাৰো প্ৰচুৰ পৰিমাণে পোৱা যায়৷ ক’লা তিল স্বাস্থ্যৰ বাবে কিয় উপকাৰী জানো আহক আমাৰ এই প্ৰতিবেদন যোগে —
(১) ক’লা তিলত থকা কপাৰে অৰ্থৰাইটিছৰ সমস্যা দূৰ কৰিব পাৰে।
(২) ইয়াত থকা মেগনেচিয়ামে হৃদপিণ্ড সুস্থ কৰি ৰাখে৷
(৩) তিলত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়, যিয়ে মাইগ্ৰেন, অস্তিঅ’পৰ’ছিছ তথা কোলন কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে৷
(৪) ক’লা তিলৰ বীজত ভৰপূৰ মাত্ৰাত মেগনেচিয়াম থাকে, যিয়ে উচ্ছ ৰক্তচাপ দূৰ কৰাত সহায় কৰিব পাৰে।
(৫) এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ক’লা তিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।
(৬) ক’লা তিলৰ সেৱনে মাতৃদুগ্ধ বৃদ্ধি কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
(৭) ক’লা তিলত থকা unsaturated ফেটি এচিডে পাচন প্ৰক্ৰিয়া সুচল কৰি ৰাখে৷ ই হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৌচ খোলোচা কৰে৷
(৮) ক’লা তিলে চুলি আৰু ছালৰ সৌন্দৰ্য ধৰি ৰখাত বিশেষ ভূমিকা লয়৷
(৯) ক’লা তিলত প্ৰচুৰ পৰিমাণে ডায়েটেৰি প্ৰ’টিন, কেলচিয়াম আৰু এমিন’ এচিড পোৱা যায়, যিয়ে হাড়ৰ বিকাশৰ বৃদ্ধিত অৰিহণা যোগায়৷ ই হাড়ৰ লগতে মাংসপেশীও সবল কৰে৷
(১০) ক’লা তিলৰ সেৱনে মানসিক চাপ, দুৰ্বলতা, দুশ্চিন্তা দূৰ কৰে৷
(১১) কলেষ্টৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাৰ লগতে ডায়েবেটিছ, ষ্ট্ৰ’ক, হাৰ্ট এটেকৰ সম্ভাৱনা নাইকিয়া কৰে৷
১২) ক’লা তিল খালে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰি দিয়াত সহায় হয়। লিভাৰৰ বাবেও উপকাৰী ক’লা তিল।
বিভিন্ন ধৰণেৰে তিল খাব পাৰি। প্ৰতিদিনৰ খাদ্য তালিকাত তিল অন্তৰ্ভুক্ত কৰিলে আমি বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম।