মাটিৰ পৰা ওপৰলৈ উঠি যোৱাৰ সময়ত নিৰ্দিষ্ট উচ্চতাৰ ওপৰত উঠি গ’লে বায়ুৰ চাপ কমি যায়। যাৰ ফলত শৰীৰত কিছু পৰিৱৰ্তন হোৱাতো স্বাভাৱিক। কম-বেছি পৰিমাণে বহুতে সমস্যাত ভোগা দেখিবলৈ পোৱা মায়। পুষ্টিবিদ সকলৰ মতে , কিছুমান খাদ্য খোৱাৰ ফলত এই সমস্যা বেছি হ’ব পাৰে গতিকে এনে খাদ্যৰ পৰা বিৰত থাকিব লাগে। উৰা-জাহাজত উঠাৰ আগতে কোনবোৰ খাদ্য খাব নালাগে জাঁনো আহকচোন—
আপেল:-
পুষ্টিবিদ সকলৰ মতে , ৰাতিপুৱা খালি পেটত ফল খোৱা উচিত নহয়। আপেল ফল হিচাপে স্বাস্থ্যকৰ যদিও ইমান সহজতে হজম নহয়। গতিকে আপেল খালে গেছ, অম্ল আদিৰ সমস্যা হ’ব পাৰে। আপেলৰ ৰস খালেও এই সমস্যা হ’ব পাৰে। আপেলৰ সলনি কল , পকা অমিতা বা সুমথিৰা আদি খাব পাৰি।
ব্ৰকোলি :-
ব্ৰকোলি বহুতো পুষ্টিগুণেৰে ভৰপূৰ। উৰা-জাহাজত উঠাৰ আগতে পাতলীয়া আহাৰ খোৱাৰ ইচ্ছাৰে ব্ৰকোলি সিদ্ধ বা সবজি খালে শৰীৰত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। অকল ব্ৰকোলিয়ে নহয় যিকোনো কবিৰ পৰা গেছ হ’ব পাৰে। গতিকে উৰা-জাহাজত উঠাৰ আগতে কবি নোখোৱাই উত্তম।
ফাষ্টফুড :-
উৰা-জাহাজত উঠাৰ আগতে মুখৰোচক খাদ্য খালে শৰীৰ অসুস্থ হ’ব পাৰে। বিশেষকৈ প্ৰক্ৰিয়াজাত , ভজা বা চিজ দিয়া খাদ্য খাব নালাগে। গতিকে ফাষ্টফুড আদিৰ পৰা বিৰত থাকিব লাগে।
কফি বা পেকেট জাতীয় পানী :-
উৰা-জাহাজত থকা সময়ত কফি বা এক কাপ চাহ খাবলৈ খুবেই ইচ্ছা যায়। কিন্তু কফিয়ে শৰীৰৰ পৰা পানী শোষণ কৰে আৰু শৰীৰত পানীৰ পৰিমাণ কমি যায়। অকল চাহ বা কফিয়ে নহয় যিকোনো পেকেট জাতীয় পানীয় পাণ কৰিলে শৰীৰত সমস্যাই দেখা দিব পাৰে। পুষ্টিবিদ সকলৰ মতে , চাহ -কফি বা পেকেট জাতীয় পানী নাখাই নেমু পানী বা ডাব নাৰিকলৰ পানী খালে এই সমস্যা সমূহৰ পৰা হাত সাৰিব পাৰি।