VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তিতা কেৰেলা উপকাৰী যদিও কি ৰোগীৰ বাবে ক্ষতিকাৰক, জানো আহক

voicedesk by voicedesk
November 23, 2024
in জীৱন
তিতা কেৰেলা উপকাৰী যদিও কি ৰোগীৰ বাবে ক্ষতিকাৰক, জানো আহক
0
SHARES
44
VIEWS
Share on FacebookShare on Twitter

তিতা কেৰেলা আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। বহুতো ঔষধি গুণেৰে সমৃদ্ধ তিতা কেৰেলা খালে চুগাৰ থকা ব্যক্তিও উপকৃত হয়। তিতা কেৰেলা শৰীৰৰ বাবে উপকাৰী যদিও একাধিক চাইড এফেক্ট অৰ্থাৎ পাৰ্শ্ব ক্ৰিয়াও আছে। চিকিৎসকে জানিবলৈ দিছে যে, ভুলতেও ৰাতিৰ আহাৰত কেৰেলা বা যিকোনো তিতা খোৱা উচিত নহয়। ৰাতি তিতাৰ ব্যঞ্জন খালে স্বাস্থ্য সংক্ৰান্তিয় নানা সমস্যাই দেখা দিব পাৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কি ৰোগ থকা ব্যক্তিয়ে বা কোন ৰোগীয়ে তিতা কেৰেলা খাব নালাগে আৰু ৰাতি কিয় তিতা খোৱা উচিত নহয় জানো আহকচোন এই প্ৰতিবেদন যোগে

১)। তিতা কেৰেলা হজম কৰা খুব কঠিন আৰু হজম কৰিবলৈ হ’লে সুস্থ পাচন তন্ত্ৰৰ প্ৰয়োজন। ৰাতি হজম প্ৰক্ৰিয়া অলপ দুৰ্বল হৈ পৰে বাবে ৰাতিৰ আহাৰত তিতা কেৰেলা খালে বদহজম বা গেছৰ সমস্যা হ’ব পাৰে।

২)। চিকিৎসকৰ মতে, ৰাতি তিতা কেৰেলা খালে চৰ্দি,কাহ সংক্ৰান্ত সমস্যাও হ’ব পাৰে।

৩)। আমি সকলোৱে জানো যে, চুগাৰ বা ডায়েবেটিচ ৰোগীৰ বাবে তিতা কেৰেলা উপকাৰী । কেৰেলাই তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাত সহায় কৰে বাবে চিকিৎসকে ডায়েবেটিচ ৰোগীক সীমিত পৰিমাণে তিতা কেৰেলা খাবলৈ পৰামৰ্শ দিয়ে।

৪)। বহুতৰে ধাৰণা যে, বেছিকৈ তিতা কেৰেলা খালে সোনকালে চুগাৰ নিয়ন্ত্ৰণত আহিব। কিন্তু এই ধাৰণা শুদ্ধ নহয়। অতিৰিক্ত পৰিমাণে তিতা কেৰেলা খালে ডায়েবেটিচ ৰোগীৰো অপকাৰ হয়। চুগাৰৰ ঔষধৰ লগত তিতা কেৰেলা বা যিকোনো তিতা বেছিকৈ খালে তেজত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক অৱস্থাৰ পৰা বেছি পৰিমাণে কমি যাব পাৰে। ফলত হাইপ’গ্লাইচেমিয়া আক্ৰান্ত হৈ ডায়েবেটিচ ৰোগী অসুস্থ হৈ পৰিব পাৰে।

৫)। সদ্য অস্ত্ৰোপচাৰ হৈ উঠা লোকেও বেছিকৈ তিতা কেৰেলা খালে ক্ষতি কৰিব পাৰে বাবে তিতা বেছিকৈ খাব নালাগে।

৬)। যিসকল লোকৰ কিডনী বা লিভাৰৰ সমস্যা আছে তেওঁলোকে তিতা কেৰেলা বা তিতা খোৱা উচিত নহয়। আৰু খালেও গুৰুতৰ সমস্যাত পৰিব পাৰে।

৭)। তাৰোপৰি যিসকল লোকৰ পাচন তন্ত্ৰ দুৰ্বল আৰু হজমৰ সমস্যা আছে তেওঁলোকে তিতা কেৰেলা খাব নালাগে।

তিতা কেৰেলা ৰাতিৰ আহাৰত নাখাই দিনৰ আহাৰৰ লগত খাব লাগে আৰু তিতা কেৰেলা উপকাৰী যদিও অত্যাধিক পৰিমাণে নাখাই সীমিত পৰিমাণে খোৱা উচিত।

Previous Post

ইলিছ মাছ আপোনাৰো প্ৰিয় নিশ্চয় ! কেতিয়াবা এই মাছ বিষতুল্য হ’ব পাৰে, জানো আহক

Next Post

ভিটামিন বি১২ ৰ অভাৱত মগজুৰ ভীষণ ক্ষতি হ’ব পাৰে, জানো আহক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ভিটামিন বি১২ ৰ অভাৱত মগজুৰ ভীষণ ক্ষতি হ’ব পাৰে, জানো আহক

ভিটামিন বি১২ ৰ অভাৱত মগজুৰ ভীষণ ক্ষতি হ'ব পাৰে, জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7