গাজৰ শীতকালত হোৱা এবিধ লোক পাচলি। পুষ্টিদায়ক পাচলি গাজৰক কেঁচাই চাটনি কৰি খোৱাৰ উপৰি তৰকাৰী, ভাজি আদি বনাই খোৱা হয়৷ গাজৰৰ পৰা আচাৰ , হালোৱা আদি প্ৰস্তুত কৰা হয়। বিশেষকৈ গাজৰৰ ৰস অতি পুষ্টিকৰ আৰু এই ৰস বয়স নিৰ্বিশেষে সকলোৱে খোৱাৰ উপযোগী। গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ’ থকাৰ উপৰিও মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো উপাদানেই গাজৰত পোৱা যায়। প্ৰ’টিন , চৰ্বি , শৰ্কৰা , আইৰণ , কেলচিয়াম , মেগনেছিয়াম , ফছফৰাছ , ছডিয়াম , পটাছিয়াম , ছালফাৰ আৰু ভিটামিন এ’, বি’ , চি’ গাজৰত পোৱা যায়। ৰাতিপুৱাৰ জলপানত গাজৰৰ চালাড থকাটো অতি প্ৰয়োজনীয়। গাজৰৰ পৰা আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে —-
(১) গাজৰত ভিটামিন-এ পৰ্যাপ্ত পৰিমাণে থাকে বাবে গিজৰ খালে দৃষ্টিশক্তি বৃদ্ধি হয়।
(২) শৌচ-প্ৰস্ৰাৱ খোলোচা কৰাত গাজৰে মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে।
(৩) ফিষ্টুলা আৰু গ্ৰহণী ৰোগৰ ক্ষেত্ৰতো গাজৰ খোৱাটো জৰুৰী৷ এই ৰোগবোৰত গাজৰ খালে উপকাৰ পোৱা যায়।
(৪) গাজৰ কম কেল’ৰি যুক্ত হোৱাৰ লগতে ই টক’কিনিক নামৰ এবিধ ইনছুলিন উৎপাদন কৰা হৰম’ন সৃষ্টি কৰে।সেই বাবে ডায়েবেটিছ ৰোগীয়ে গাজৰ গাব লাগে।
(৫) গাজৰ খালে মহিলাৰ ৰক্তস্ৰাৱৰ সমস্যা দূৰ কৰাত উপশম পোৱা যায়৷
(৬) গাজৰত কেঞ্চাৰ প্ৰতিৰোধী কেৰ’টিন আৰু ভিটামিন-ই যথেষ্ট পৰিমাণে থাকে৷
(৭) হিষ্টিৰিয়াত ভোগা শিশুক গাজৰৰ ৰস খুৱালে আৰোগ্য লাভ কৰে৷
(৮) গাজৰৰ ৰস খুৱাই লিউকেমিয়াত গ্ৰাসত পৰা শিশুক বচাব পৰা যায়৷
৯) গাজৰ এবিধ অতি পুষ্টিকৰ খাদ্য হেতুকে ইয়াৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অনায়াসে খাব পাৰে৷
(১০) পেটৰ বিষ, শাও বা তেজ পৰা পাইখানা হ’লে গাজৰ উপকাৰী৷
এনে এবিধ ঔষধি গুণেৰে পৰিপূৰ্ণ গাজৰ আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰখাত গুৰুত্ব দিয়াটো উচিত৷