- টোপনি ভাঙিলেই ডিঙি বুকু শুকাই যায় নেকি? ভাগৰুৱা বা হাত ভৰিৰ শক্তি নোহোৱা হৈ পৰাৰ দৰে লাগে নেকি? যদি এই সমস্যা বোৰে দেখা দিয়ে তেনেহলে ডায়েবেটিচৰ লক্ষণ হ’ব পাৰে। ডায়েবেটিচৰ লক্ষণ দিনৰ যিকোনো সময়ত দেখা দিব পাৰে যদিও বিশেষকৈ ৰাতি পুৱাৰ সময়ত এই লক্ষণ বোৰ বেছিকৈ পৰিলক্ষিত হয়। প্ৰতিদিন ৰাতি পুৱাৰ সময়ত যদি এই সমস্যা বোৰ হয় তেনেহলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসকৰ মতে, কি কি উপসৰ্গ দেখা দিলে ডায়েবেটিচ হ’ব পাৰে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। চিকিৎসকে জানিবলৈ দিছে যে, ৰাতি ৪ বজাৰ পৰা ৰাতিপুৱা ৮ বজালৈ তেজত শৰ্কৰাৰ পৰিমাণ বহুত সময়ত বাঢ়ি যায়। ইয়াক ‘মৰ্নিং হাইপাৰগ্লাইছিমিয়া’ বা ‘ডন ফেন’মেনন’। শৰীৰৰ স্বাভাৱিক ছিৰকাডিয়ান ৰিদমৰ বাবে গ্লুক’জ আৰু কৰটিছলৰ দৰে হৰম’ন বেছি পৰিমাণে তৈয়াৰ হয়। এই হৰম’ন বোৰে শৰীৰত ইনছুলিন ৰেজিষ্টেণ্ট তৈয়াৰ কৰাৰ ফলত ৰাতিপুৱা সময়ত তেজত চুগাৰৰ পৰিমাণ বাঢ়ি যায়।
২)। ডায়েবেটিচৰ আন এটা লক্ষণ হ’ল টোপনিৰ পৰা উঠাৰ লগে লগেই অত্যন্ত পানী পিয়াহ লগা , ডিঙি বুকু যেন শুকাই যায়। এনে পৰিস্থিতিক চিকিৎসা শাস্ত্ৰত ‘পলিডিপছিয়া’ বুলি কোৱা হয়। ৰাতিপুৱা শৰীৰে হাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থাকে আৰু কিডনীয়ে বাঢ়ি অহা গ্লু’কজ ফিল্টাৰ আৰু শোষণ কৰিবলৈ চেষ্টা কৰি থাকে। এই প্ৰক্ৰিয়াত প্ৰচুৰ পানীৰ প্ৰয়োজন হয় বাবে শৰীৰত পানী নোহোৱা হৈ পৰে। সেয়েহে শুই উঠাৰ পিছতে ডিঙি শুকাই যায় আৰু মুখৰ ভিতৰখন শুকাই যোৱাৰ দৰে অনুভৱ হয়।
৩)। ৰাতি ভাল টোপনি হোৱাৰ পিছতো ৰাতিপুৱা শুই উঠাৰ পিছতে শৰীৰত ভাগৰ লাগি থাকে, মূৰৰ বিষ বা অস্বস্তিবোধ লাগি থাকে তেনেহলে ডায়েবেটিচ ৰোগৰ লক্ষণ হ’ব পাৰে। ব্লাড চুগাৰ বেছি হ’লে শৰীৰে সঠিক ভাবে গ্লু’কজ ব্যৱহাৰ কৰি এনাৰ্জি তৈয়াৰ কৰিব নোৱাৰে বাবে ভাগৰুৱা অনুভৱ হৈ থাকে।
৪)। সঘনাই প্ৰেছাৱ হোৱাটোও ডায়েবেটিচৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ ৰাতি বা ৰাতিপুৱাৰ সময়ত প্ৰেছাৱ লাগি থকাৰ বাবে ঘনাই টোপনি ভাঙি যোৱাক ‘পলিইউৰিয়া’ বুলি কোৱা হয়। তেজত শৰ্কৰাৰ পৰিমাণ বেছি থাকিলে কিডনীয়ে বেছিকৈ গ্লু’কজ ফিল্টাৰ কৰি থাকে আৰু তাৰ লগতে পানীও ফিল্টাৰ হয় বাবে প্ৰেছাৱৰ পৰিমাণ বাঢ়ি যায়।
৫)। ৰাতিপুৱা শুই উঠাৰ পিছত হাত ভৰি অৱশ হৈ থকা যেন লাগিলে ডায়েবেটিক নিউৰ’পেথিৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে। দীৰ্ঘ দিন ধৰি ব্লাড চুগাৰৰ পৰিমাণ বেছি থাকিলে স্নায়ু ক্ষতিগ্ৰস্ত হয়। যাৰ ফলত টোপনিৰ পৰা উঠাৰ পিছত হাত ভৰিৰ জোৰ নোহোৱা হয় বা অৱশ হৈ পৰা যেন লাগে।
এইবোৰ উপসৰ্গই দেখা দিলে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।