সাম্প্ৰতিক এক গৱেষণাত প্ৰকাশিত যে, ভাৰতৰ প্ৰায় ৪৭ % মানুহ বি১২ ভিটামিনৰ অভাৱত ভূগি আছে। বিশেষতঃ যি সকল নিৰামিষ ভোজী বা যি সকল লোকে নিৰামিষ আহাৰ খায় তেওঁলোকৰ মাজত এই ভিটামিনৰ অভাৱ বেছিকৈ দেখা যায়। চিকিৎসকে জানিবলৈ দিয়ে যে, প্ৰতিদিনে শৰীৰত ২ ৰ পৰা ৩ মাইক্ৰ’গ্ৰাম ভিটামিন বি১২ৰ প্ৰয়োজন হয়। শৰীৰত এই ভিটামিনৰ অভাৱ হ’লে মগজুৰ ভীষণ ক্ষতি কৰিব পাৰে। ৰক্ত কণিকা আৰু স্নায়ুকোষৰ স্বাস্থ্য ৰক্ষাত ডিএনএ আৰু জিনগত উপাদান তৈয়াৰ কৰাত আৰু হাড় ভালে ৰখাত বি১২ ভিটামিন গুৰুত্বপূৰ্ণ। কেৱল এয়াই নহয়, এই ভিটামিনৰ অভাৱত শৰীৰৰ বিভিন্ন অংগ প্ৰতঙ্গ ক্ষতিগ্ৰস্ত হয়। আমাৰ শৰীৰৰ বাবে বি১২ ভিটামিন কিয় ইমান প্ৰয়োজনীয় জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। শৰীৰত বি১২ ভিটামিনৰ অভাৱ হ’লে তেজৰ পৰিমাণ কমি যায়। যাৰ ফলত ছালৰ উজ্জ্বলতা নোহোৱা হ’বলৈ ধৰে। তাৰোপৰি ছাল শেতা পৰা, চুলিৰ ৰং সলনি হৈ যোৱাৰ দৰে সমস্যা হ’ব পাৰে।
২)। শৰীৰত ভিটামিন বি১২ ৰ অভাৱ হলে পেটৰ সমস্যাও আৰম্ভ হ’ব পাৰে। পেটত সংক্ৰমণ, প্ৰদাহৰ দৰে সমস্যাই দেখা দিব পাৰে।
৩)। চিকিৎসকে জানিবলৈ দিয়ে যে, প্ৰতিদিনে শৰীৰত ২ ৰ পৰা ৩ মাইক্ৰ’গ্ৰাম ভিটামিন বি১২ ৰ প্ৰয়োজন হয়। কিন্তু এই অলপ পৰিমাণৰ ভিটামিনৰ যদি অভাৱ হয় তেনেহলে স্নায়ুৰ ভীষণ সমস্যাই দেখা দিয়ে।
৪)। শৰীৰত বি১২ ভিটামিনৰ অভাৱ হ’লে মগজুৰ স্নায়ু শুকাই যাব পাৰে। ইয়াৰ ফলত বয়স বৃদ্ধি হোৱাৰ আগতেই স্মৃতি শক্তি দুৰ্বল হৈ পৰিব পাৰে।
৫)। বিভিন্ন গৱেষণাৰ পৰা জানিবলৈ পোৱা গৈছে যে, শৰীৰত বি১২ ভিটামিনৰ অভাৱত মগজুৰ বিভিন্ন ৰোগ ডিমেনছিয়া, আলজেইমাৰ, পাৰ্কিনছন্স আদি ৰোগ হ’ব পাৰে।
ভিটামিন বি১২ আমাৰ শৰীৰৰ বাবে বহুতো প্ৰয়োজনীয়। প্ৰতিদিনে গাখীৰ, দৈ, পনীৰ আদি দুগ্ধ জাত দ্ৰব্য খাদ্য তালিকাত ৰাখিব লাগে। তাৰোপৰি ডাইল, চয়াবিন, ব্ৰকলি, কণী, এভ’কোডা, মাংসৰ লিভাৰ , কাঠবাদাম আতলচ, লেচেৰামাহ, মাংস , সুমথিৰা,গাজৰ আদিত প্ৰচুৰ পৰিমাণে ভিটামিন বি’১২ পোৱা যায়। আমাৰ শৰীৰত যাতে এই ভিটামিনৰ অভাৱ নহয় তাৰ প্ৰতি সচেতন থাকিব লাগে।