অসমৰ জাতীয় জীৱনৰ শতবৰ্ষ গৰকা অনন্য অনুষ্ঠান “অসম সাহিত্য সভা”ৰ অন্যতম জিলা সংগঠন “বিশ্বনাথ জিলা সাহিত্য সভা”ই ২৪টা সক্ৰিয় শাখা সংগঠনেৰে সু-সংগঠিত। ক্ৰান্তিকালৰ ইতিহাসত বহু গৰাকীয়ে ভাষা -সাহিত্যিক সমৃদ্ধ কৰি জিলাখনৰ স্বাভিমান বঢ়াই তুলিছে। সম্প্ৰতি উত্তৰ আধুনিক কালত ভাষাই ধ্ৰুপদী সাহিত্যৰ স্বীকৃতিৰে জাতীয় জীৱনক সমৃদ্ধ কৰিলে। সাহিত্যৰ এক স্বাস্থ্যোচ্ছল বাতাবৰণ গঢ়িবলৈ বিশ্বনাথ জিলা সাহিত্য সভাই আজি পূব বিহালী সাহিত্য সভাৰ আতিথ্যত বেদেতীস্থিত পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “বিশ্বনাথ জিলা সাহিত্য উৎসৱ-২০২৪” উদযাপন কৰে। পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ, ৮ বজাত মাধৱ চন্দ্ৰ ভট্টাচাৰ্য স্মৃতি তোৰণ উন্মোচন কৰে সমাজকৰ্মী নগেন শৰ্মাই। ৯ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জিলা সাহিত্য সভাৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই। পিছত স্মৃতি তৰ্পণ কৰে আদৰণি সমিতিৰ সভাপতি দুৰ্গেশ্বৰ মুদৈয়ে। ১০০ টা গছপুলি ৰোপণ কৰে পূব বিহালী সাহিত্য সভাৰ সভাপতি ৰজনী সিংহ, সমাজকৰ্মী কৃষ্ণ আচাৰ্য, দ্ৰোৰ্ণেশ্বৰ হাজৰিকা, গোপাল শইকীয়া,শংকৰলাল আগৰৱালা আদিয়ে। গ্ৰন্থ প্ৰদৰ্শনী উন্মোচন কৰে মধ্যছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰবোধ বৰুৱাই। ইয়াৰ পিছত জিলা আকাশ উপ-সমিতিৰ উদ্যোগত “অসমীয়া সাহিত্যলৈ বিশ্বনাথৰ লেখিকাৰ অৱদান” শীৰ্ষক আলোচনাচক্ৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি মহেন্দ্ৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত হয়। লেখিকা দীপাঞ্জলি বৰাই আলোচক হিচাপে অংশ লয়। “বিশ্বনাথ জিলাৰ লেখক সমাৰোহ” উদ্ধোধন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খগেন গোস্বামীয়ে। ইয়াৰ পিছত শুকদেৱ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত আজীৱন সভ্যৰ সন্মিলন উদ্ধোধন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়াই। ইয়াৰ পিছত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্ধোধন কৰে বিশিষ্ট অভিনেতা জ্যোতি ভূঞাই।বিয়লি জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক -সাংবাদিক প্ৰদীপ কুমাৰ শৰ্মাৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়। জিলা সাহিত্য সভাৰ সম্পাদক শোভন চন্দ্ৰ শইকীয়া, আদৰণি সমিতিৰ সম্পাদক বিনোদ চৰকাৰে আত ধৰা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড০ পল্লৱী বুজৰবৰুৱা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা, বিশ্বনাথ বিধান সভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক দিগন্ত ঘাটোৱাৰে মুখ্য অতিথি, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন সভাপতি হিৰণ্য হাজৰিকা,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক শৰ্মা, সাহিত্য সভাৰ লখিমপুৰ মাণ্ডলিক কাৰ্যালয়ৰ সাহিত্য সম্পাদক অপূৰ্ব ফুকন, নাট্য সন্মিলন উপ-সমিতিৰ আহ্বায়ক দিলীপ কুমাৰ শৰ্মা, চৰ-চাপৰি ভাষা বিকিশ উপ-সমিতিৰ আহ্বায়ক আবিদুৰ ৰহমান, কবি সন্মিলন উপ-সমিতিৰ আহ্বায়ক জয়ন্ত হাজৰিকা, বিশ্বনাথ জিলা বড়ো সাহিত্য সভাৰ সভাপতি দ্বিজেন্দ্ৰ বাগলাৰি, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুত, বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেন বৰাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে। সভাত “বিশ্বনাথ সৌৰভ” বঁটা আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক প্ৰদান কৰা হয়। আনহাতে, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন সম্পাদক জিতেন ভাগৱতীক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সভাত গোলাম ৰচুল আলী জলহা সম্পাদিত স্মৃতিগ্ৰন্থ “কচুজান প্ৰজ্ঞা”, শৈলেন্দ্ৰ বৰা সম্পাদিত “বিশ্বনাথৰ কবিতা”, ঘন বৰুৱা সম্পাদিত গল্প সংকলন “সোণালী কলমৰ আখৰ”, নুৰ হুছেইন, ছাইফুদ্দিন আহমেদ যুটীয়া সম্পাদিত “বিশ্বনাথৰ চৰ-চাপৰি ঐতিহ্য আৰু সংস্কৃতি”, গণেশ সিংহৰ পূৰ্ণাংগ নাটক “মণি বাইদেউ” আৰু ভূধৰ বৰাৰ কবিতা সংকলন “আই তই মোক নজগাবি” গ্ৰন্থ উন্মোচন কৰা হয়। সভাত দুহেজাৰৰো অধিক সাহিত্যিক, শিল্পী, সাহিত্যকৰ্মী, অনুৰাগী, ছাত্ৰ -ছাত্ৰী, শিক্ষক -শিক্ষয়িত্ৰী আদি উপস্থিত থাকে।