যিসময়ত ৰাজ্য চৰকাৰে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতি শ্ৰদ্ধা জনাই ’দেশভক্তি দিৱস‘ পালন কৰিছিল,সেই সময়তে ৰাজ্য চৰকাৰে দেশভক্ত গৰাকীৰ নামত উৰ্চগা কৰা বিদ্যালয়ক বাংলা মাধ্যমৰ বিদ্যালয়ৰ সৈতে এক কৰিবলৈ লোৱা সিদ্ধান্তই এতিয়া চৰকাৰখনৰ জাতিপ্ৰেমৰ স্বৰূপ উদঙাইছে।
সততে খিলঞ্জীয়াৰ সুৰক্ষাৰ শ্ল’গান আওৰোৱা ৰাজ্য চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
জানিব পৰা মতে শিলচৰৰ মাজমজিয়াত থকা ঐতিহ্যপূৰ্ণ দুখন বিদ্যালয় ক্ৰমে দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয় আৰু অসমীয়া প্ৰাথমিক বিদ্যালয়ক অতি শীঘ্ৰেই বাংলা মাধ্যমৰ বিদ্যালয়ৰ সৈতে সংযোগ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ।
উল্লেখযোগ্য যে ১৯৫২ আৰু ১৯৬০ চনত অসম সাহিত্য সভাই দান কৰা ভূমিত এই এল পি আৰু এম ই খাপৰ বিদ্যালয় দুখন প্ৰতিষ্ঠা কৰা হৈছিল।
ইয়াৰোপৰি চহৰখনত দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ আন এখন অসমীয়া মাধ্যমৰ বিদ্যালয় আছে।য’ত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰা হয়।
এইখন বিদ্যালয়কে ধৰি কাছাৰ জিলাত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তিনিখন বিদ্যালয় আছে।আন দুখন হৈছে ক্ৰমে উদাৰবন্দ সমষ্টিৰ হৰিনগৰত থকা হৰিনগৰ অসমীয়া হাইস্কুল আৰু লক্ষীপুৰ সমষ্টিৰ লাবকত থকা জনমংগল অসমীয়া হাইস্কুল।
ইফালে জিলাখনৰ ঝাপিৰবন্দত থকা বীৰ চিলাৰায় হাইস্কুলখনো এতিয়াও চৰকাৰে প্ৰাদেশিকৰণ কৰা নাই।ইয়াৰে হৰিনগৰত থকা অসমীয়া মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয়খন একে মাধ্যমৰ সৈতে চামিল কৰা হৈছে যদিও শিলচৰত থকা আন দুখন অসমীয়া মাধ্যমৰ বিদ্যালয়ক বাংলা মাধ্যমত সংযোগ কৰি এক ওলোটা ছবিহে প্ৰতিফলিত কৰিব বিচাৰিছে চৰকাৰে।
অৰ্থাৎ এই দুখন বিদ্যালয়ক অসমীয়া মাধ্যমৰ সৈতে চামিল নকৰি বাংলা মাধ্যমৰ শিলচৰ নৰ্মাল স্কুলৰ সৈতেহে চামিল কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ।ইতিমধ্যে এই সন্দৰ্ভত দিশপুৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে কাছাৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে।
এনে সিদ্ধান্তই এতিয়া বৰাক উপত্যকাৰ লগতে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যিহেতু এই দুখন বিদ্যালয় দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে চামিলকৰণ কৰিলেই সমস্যাৰ অন্ত পৰে যদিও চৰকাৰে কি কাৰণে এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে সেই লৈও আশ্বৰ্য প্ৰকাশ কৰিছে সচেতন ৰাইজে।
এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম সাহিত্য সভাই ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি এই সিদ্ধান্তই শিলচৰ তথা বৰাক উপত্যকাত অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি ভাবুকিস্বৰূপ হ’ব। তেনেক্ষেত্ৰত এই দুখন বিদ্যালয় দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে চামিলকৰণ কৰাটোৱে বাঞ্চনীয় হ’ব বুলি সভাই উল্লেখ কৰে।