ডিজিটেল পেমেন্ট আৰু বিত্তীয় সেৱাৰ ক্ষেত্ৰত আগভাগ লোৱা পেটিএম “Paytm“ য়ে দিল্লী মেট্ৰ’ ৰেল ক’ৰপ’ৰেচনৰ সহযোগত আৰম্ভ কৰিছে এক নতুন পৰিযোজনা। প্ৰাপ্ত তথ্য অনুসৰি সমগ্ৰ দেশতে “FASTag-based metro parking facility” আৰম্ভ কৰিবৰ বাবে এক যোজনা হাতত লোৱা হৈছে।
পেটিএম পেমেন্ট বেংক এলটিডি (Paytm Payments Bank Ltd -PPBL) য়ে জনোৱা মতে দিল্লী মেট্ৰ’ ৰেল ক’ৰপ’ৰেচনৰ সহযোগত দেশত প্ৰথমবাৰৰ বাবে আগবঢ়োৱা হ’ব এই সেৱা।
উল্লেখ্য যে পেটিএম য়ে কাশ্মিৰী গেটৰ মেট্ৰ ষ্টেচনত পাৰ্কিং ৰ সুবিধাৰ বাবে এক অধিগ্ৰহণ বেংক হিচাপে , বৈধ FASTag স্টিকাৰ থকা গাড়ীৰ ক্ষেত্ৰত সকলো ধৰণৰ FASTag ৰ লগত জড়িত লেনদেনত সুবিধা প্ৰদান কৰিব। গতিকে ইয়াৰ বাবে এতিয়াৰে পৰা কাউন্টাৰত নগদ টকা জমা দিবৰ বাবে ৰৈ থকাৰ কোনো প্ৰয়োজন নাই।
ইয়াৰ উপৰিও পেটিএম পেমেন্ট বেংকে “UPI-based payment” বাবে দুচকীয়া বাহনৰ পাৰ্কিং স্থানৰ ক্ষেত্ৰতো এক বিশেষ সুবিধা প্ৰদান কৰিছে। উল্লেখ্য যে পেটিএম পেমেন্ট বেংক দেশৰ ভিতৰতে জুন মাহত এক কোটি “FASTags” জাৰি কৰাৰ ক্ষেত্ৰত প্ৰথম হিচাপে পৰিগণিত হৈছে। NPCI ৰ মতে ইতিমধ্যে জুন মাহৰ শেষলৈকে সকলো বেংকৰ জৰিয়তে প্ৰায় ৩.৪৭ কোটি “FASTags” জাৰি কৰা হৈছে।
উল্লেখ্য যে বেংকে বিভিন্ন হিতাধীকাৰিৰ লগতো শ্বপিং ম’ল , হস্পিটেল , বিমানবন্দৰ আদিত গাড়ীৰ পাৰ্কিংৰ ক্ষেত্ৰত ডিজিটেল পেমেন্ট ৰ বাবে চৰ্চা কৰি আছে বুলি জানিব পৰা গৈছে।