পদিনা বুলি ক’লে অসমীয়া সমাজত সকলোৱে জানে। বাৰীৰ জেঁকা ঠাইত বা বৰ্তমান সময়ত টাবত থকা পদিনাৰ সুগন্ধত গোটেইখন আমোলমলাই থাকে। কেঁচা আমৰ লগত পদিনাৰ চাটনি প্ৰতিজনৰে প্ৰিয়। বহুতে চাহ , চৰবত আদিটো পদিনাৰ পাত ব্যৱহাৰ কৰা দেখা যায়। পদিনাৰ পাত বেচনৰ সৈতে বড় বনাইও খালেও বৰ সোৱাদ হয়। সুগন্ধি পদিনা বাৰমাহে হোৱা এবিধ বনৌষধি। পদিনা অকল সুগন্ধি উদ্ভাদ নহয় , ইয়াৰো আছে বহুতো ঔষধি গুণ। পদানা খালে কি হয় বা আমি কি উপকাৰ পাওঁ জাঁনো আহকচোন আমাৰ এই প্ৰতিবেদন যোগে —–
(১) ভোক নলগা, হজম নোহোৱা, পেট ফুলা, বমি আদি পেটৰ সমস্যা হ’লে পদিনা পাতৰ ৰস এক-ডেৰ চামুচ খাব লাগে নাইবা ১০-১২ টামান পাত এগিলাচ পানীত সিজাই চেকিলৈ পানী খালে পেটৰ সমস্যা দূৰ হয়। পদিনাই পাকস্থলীৰ হাইড্ৰক্লৰিক এচিডৰ মাত্রা নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। ইয়াৰ উপৰিও এনজাইম সঠিক ৰূপত নিঃসৰণ কৰি হজম আৰু বিপাকত সহায় কৰিব পাৰে
(২) লিভাৰ, হাওঁফাওঁ , ছাল আৰু অন্ত্ৰৰ কেঞ্চাৰ ৰোগ হোৱাত পদিনাই বাধা প্রদান কৰে। পদিনাই কেঞ্চাৰ কোষলৈ তেজ চলাচলত বাধা প্ৰদান কৰিব পাৰে। কেমোথেৰাপী বা ৰেডিয়েচন থেৰাপী লৈ থকা কেঞ্চাৰ ৰোগীয়ে পদিনা খালে স্বাস্থ্যৰ বাবে যথেষ্ট ভাল।
(৩) যিকোনো ধৰণৰ মূৰৰ বিষ হ’লে পদিনাৰ পাত কেটামান পিহি কপালত প্রলেপ দিলে নাইবা ৰস কপালত সানি লাহে লাহে মালিছ কৰিলে কপালৰ বিষ নোহোৱা হয়।
(৪) পদিনা বিষনাশক আৰু বীজাণু নাশক হিচাপে কাম কৰে। সন্তানক স্তনপান কৰোৱা মহিলাৰ কেতিয়াবা স্তন উখহি বিষাবলৈ ধৰে। পদিনা পাত পিহি প্ৰলেপ দিলে বা পাতৰ ৰস সানিলে উখহা আৰু বিষ নোহোৱা হয়।
(৫) পদিনা খালে স্মৃতি শক্তি বাঢ়ে আৰু যিকোনো কাম কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে।
(৬) পদিনা খালে শৰীৰৰ মেদবহুলতা দূৰ হয়। এনজাইম সঠিক ৰূপত উৎপাদন, নিঃসৰণ আৰু সঞ্চালন কৰিব পাৰে।
(৭) পদিনাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়ত কেলচিয়াম, ফচফৰাচ আৰু ভিটামিন-B, C, D আৰু E যথেষ্ট পৰিমাণে পোৱা যায়৷
(৮) পদিনা সেৱন কৰিলে কাম কৰাৰ উদ্যম আৰু একাগ্ৰতা বাঢ়ে ।
(৯) পদিনা বিষনাশক আৰু বীজাণু নাশক হোৱা বাবে টুঠপেষ্ট আৰু মাউথৱাশ্ব প্ৰস্তুত কৰোঁতে পদিনা ব্যৱহাৰ কৰা হয়। মুখৰ ঘা, দাঁতৰ বিষ, আলুৰ বিষ আৰু উখহিলে পদিনা পাত কেটামান চোবালে ভাল হয়।
(১০) পদিনাৰ এটা প্ৰধান গুণ হৈছে কফ নোহোৱা কৰে। চৰ্দি, কাহ, হাচি,নাকৰ পৰা পানী ওলোৱা , কন্ঠ আৰু শ্বাস-প্ৰশ্বাস ৰোগৰ কাৰণে পদিনা যথেষ্ট উপকাৰী।
গতিকে অতি সহজতে হোৱা পদিনা আমি চাটনি বা ৰস উলিয়াই খালে বহুতো উপকাৰ পাব পাৰো।