ভাত খাওঁতে কেঁচা জলকীয়া খায় নেকি ?
কেঁচা জলকীয়া খালে কি হয় জানেনে ?
কেঁচা জলকীয়া আমাৰ সকলোৰে পৰিচিত এবিধ পাচলি। ৰন্ধন কাৰ্যত কেঁচা জলকীয়া অতি প্ৰয়োজনীয় বা জলকীয়া অবিহনে ৰন্ধন কাৰ্য অসম্পূৰ্ণ বুলি ক’ব পাৰি। জলকীয়াই কেৱল সোৱাদেই বৃদ্ধি নকৰে, ই শৰীৰকো পুষ্টি দিয়ে। কেঁচা জলকীয়া নিয়মীয়াকৈ খালে স্বাস্থ্যৰ বাবে অতি উপকাৰ হয়। কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত দিশ সমূহৰ বিষয়ে আজি জানো আহকএই প্ৰতিবেদন যোগে–
১) কেঁচা জলকীয়া বেক্টেৰিয়া প্ৰতিৰোধী গুণেৰে পৰিপূৰ্ণ, সেইবোৰে ছালৰ সংক্ৰমণ আৰু ব্ৰণ নিৰাময় কৰাত সহায় কৰে। তাৰোপৰি, ইয়াত ভিটামিন চি থাকে যিয়ে আমাৰ ছালখনক স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি তুলিব পাৰে। জলকীয়া সদায়েই আন্ধাৰ আৰু শীতল ঠাইত ৰাখিব লাগে। গৰম তথা পোহৰত ৰাখিলে ভিটামিন চিৰ পৰিমাণ কমি যাব পাৰে।
২) কেঁচা জলকীয়াত আঁহ থাকে বাবে অন্ত্ৰৰ চলাচল মসৃণ কৰাত সহায় কৰে আৰু পাচন স্বাস্থ্য উন্নত কৰে। কেঁচা জলকীয়াই আলচাৰো প্ৰতিৰোধ কৰিব পাৰে। কিন্তু পেপ্টিক আলচাৰত ভুগি থকা লোকসকলে জলকীয়া খোৱা পৰিহাৰ কৰিব লাগে।
৩) প্ৰতিদিনে কেঁচা জলকীয়া খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়। জলকীয়াই বিপাকীয় হাৰ বৃদ্ধি কৰাতো সহায় কৰে। নিয়মিত কেঁচা জলকীয়া খালে ওজন হ্ৰাস হয়।
৪) কেঁচা জলকীয়াই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰে। ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াকৈ কেঁচা জলকীয়া খালে উপকাৰ হয়। জলকীয়াই শৰীৰত শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱা প্ৰতিহত কৰাত আৰু ইয়াক সন্তুলিত কৰাত সহায় কৰে।
৫) কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে কেঁচা জলকীয়াই। কেঁচা জলকীয়াত এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমানে থাকে বাবে শৰীৰক কৰ্কট ৰোগৰ কোষ বৃদ্ধি কৰা মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰে।
৬) হৃদযন্ত্ৰৰ বাবেও উপকাৰী কেঁচা জলকীয়া।
কেঁচা জলকীয়াৰ ব্যৱহাৰে কলেষ্টেৰলৰ স্তৰ আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰে যাৰ ফলত এথেৰোস্ক্লেৰোচিছ প্ৰতিৰোধ হয়। জলকীয়াই প্লেটলেট একত্ৰীকৰণৰ সম্ভাৱনা হ্ৰাস কৰে। আনহাতে, ফাইব্ৰিনোলাইটিক কাৰ্যকলাপ বৃদ্ধি কৰাতো ই সহায় কৰে যি তেজ গোট মৰা প্ৰতিহত কৰিব পাৰে।
৭) কেঁচা জলকীয়াত কেপচাইচিন থাকে যি নাকৰ শ্লেষ্মা আৱৰণৰ ওপৰত এক উদ্দীপনামূলক প্ৰভাৱ পেলায়।জলকীয়াই ইয়াক পাতল কৰাত সহায় কৰে আৰু এনেদৰে শ্লেষ্মা দ্ৰুততাৰে নাকৰ পৰা নিষ্কাশন কৰে আৰু সাধাৰণ চৰ্দি আৰোগ্য কৰে।
৮) কেঁচা জলকীয়া খোৱাৰ ফলত এণ্ডোৰ্ফিন মুকলি হয় যি মনোভাৱ উন্নত কৰাত আৰু মেজাজৰ পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। জলকীয়া খালে বিষ উপশম কৰাত সহায় হয়।
৯) কেঁচা জলকীয়া ভিটামিন কে সমৃদ্ধ। যিয়ে অষ্টিওপোৰোচিছৰ আশংকা হ্ৰাস কৰে। সেউজীয়া জলকীয়াৰ কেপচাইচিন উপাদানে গাঁঠিৰ প্ৰদাহ প্ৰতিহত কৰাত সহায় কৰে।
১০) কেঁচা জলকীয়াত থকা ভিটামিন চি আৰু বিটা কেৰোটিনে চকুৰ যিকোনো ৰোগ নিৰ্মূল কৰাত সহায়ক হোৱাৰ লগতে ই দৃষ্টিশক্তি উন্নত কৰিব পাৰে।
আমাৰ বহুতৰে ভাত খাওঁতে কেঁচা জলকীয়া খোৱাৰ অভ্যাস আছে। ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰিয়ে হওঁক বা সেউজীয়া জলকীয়া কেঁচাই খোৱাৰ অভ্যাস কৰিলে আমি সু স্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰো