আমি সকলোৱে জানো , আপেল স্বাস্থ্যৰ বাবে উপকাৰী। প্ৰাচীন কালৰে পৰাই প্ৰবাদ চলি আহিছে যে, “ চিকিৎসকৰ ওচৰত যাবলৈ নিবিচাৰিলে প্ৰতিদিনে এটাকৈ আপেল খাব লাগে”। কিন্তু যিকোনো সময়ত আপেল খোৱা উচিত নে? সকলো সময়তে আপেল খালে উপকাৰ পোৱা যায় নে? বিশেষজ্ঞ সকলৰ মতে, আপেলৰ পৰা আমাৰ কি কি উপকাৰ হয় আৰু কোন সময়ত আপেল খাব লাগে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। আপেলৰ এণ্টি অক্সিডেণ্ট গুণ থকাৰ বাবে মানসিক চাপ কমাব পাৰে আৰু এণ্টি ইনফ্লেমেটৰি গুণে শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে যদিও আপেলৰ গুটিত ছায়ানাইড নামৰ এবিধ বিষাক্ত যৌগ থাকে। সেই বাবে প্ৰচুৰ পৰিমাণে আপেলৰ গুটি খালে মূৰৰ বিষ, মূৰ ঘূৰণি, বমি বমি ভাৱ, বমি আৰু গুৰুতৰ সমস্যা হ’ব পাৰে।
২)। আপেলৰ বাকলিত ভিটামিন এ’, ভিটামিন বি’, ভিটামিন চি ‘ থকাৰ উপৰিও ফ’লেট আৰু নিয়াছিন থাকে। ৰোগ প্ৰতিৰোধ শক্তি, দৃষ্টি শক্তি, আৰু এনাৰ্জি মেটাবলিজমৰ বাবে আপেলৰ বাকলি খালে উপকাৰ পোৱা যায়।
৩)। আপেলৰ বাকলিত প্ৰচুৰ ইনছল্যুবল ফাইবাৰ থাকে। সেয়েহে আপেলৰ বাকলি খালে হজম হোৱাত সহায় কৰে আৰু পেটৰ স্বাস্থ্য ভালে ৰাখে। আপেলৰ বাকলিয়ে ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিব পাৰে।
৪)। আপেলক বায়’একটিভ পলিফেলন আৰু ফাইবাৰৰ উৎস হিচাপে বিবেচনা কৰা হয়। আপেলে বেয়া কলেষ্টেৰেলৰ পৰিমাণ কমোৱাৰ লগতে হাৰ্ট এটেকৰ সমস্যা কমাব পাৰে।
৫)। আপেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ছল্যুবল ফাইবাৰ পেক্টিনে পৰিপাক কাৰ্যত সহায় কৰে। খাদ্য গ্ৰহণ কৰাৰ আগতে আপেল খালে শৰীৰে কেলৰী কমকৈ লাভ কৰে। ওজন কমোৱাৰ ক্ষেত্ৰত আপেল খুবেই উপকাৰী।
৬)। বিশেষজ্ঞ সকলৰ মতে, আপেলক কলে’ষ্টেৰেলৰ দৰৱৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি যদিও আপেলৰ লগত কলেষ্টেৰেলৰ দৰৱ খালে উপকাৰ পোৱা যায়।
প্ৰতিদিনৰ খাদ্য তালিকাত এটাকৈ আপেল ৰাখিব লাগে যদিও দিনটোৰ যিকোনো সময়তে বা ৰাতিৰ ভাগত খাব লাগে নে নালাগে সেই বিষয়ে মনলৈ প্ৰশ্ন আহে। বিশেষজ্ঞ সকলৰ মতে, নিয়মিত এটাকৈ আপেল খোৱা জৰুৰী কিয়নো ডায়টাৰি ফাইবাৰ, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, ভিটামিন চি, ভিটামিন বি৬, ভিটামিন ই’, ভিটামিন কে’ , প্ৰ’টিন, কাৰ্বহাইড্ৰেট, পলিফেলন, এণ্টি অক্সিডেণ্ট ক্যাৰ’টিনয়েড ইত্যাদি উপাদান থাকে। কিন্তু আপেলত অম্ল থাকে বাবে আপেল খালে এচিডিটি হ’ব পাৰে।
ৰাতিপুৱাৰ সময়ত আপেল খালে উপকাৰ হয়। কিছুমানৰ মতে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত খাব পাৰি। স্বাস্থ্য বিশেষজ্ঞৰ মতে, ৰাতিপুৱা ব্ৰেক ফাষ্টৰ লগত আপেল খালে বহুতো উপকাৰ পোৱা যায় আনহাতে ৰাতিৰ সময়ত আপেল নোখোৱাই ভাল।