কম বয়সতে চুলি পকি যোৱা বৰ্তমান সময়ত এটা সাধাৰণ কথা। প্ৰায়েই দেখা যায় যে, ২৫ ৰ পৰা ৩০ বছৰৰ ভিতৰত বেছি ভাগেই চুলি পকা সমস্যাত ভূগে। কিছুমান ক্ষেত্ৰত জেনেটিক কাৰণত চুলি পকিব পাৰে। কিন্তু জীৱন যাপন পদ্ধতিৰ বাবেও চুলি পকা দেখিবলৈ পোৱা যায়। নিয়মিত অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেও অসময়ত চুলি পকা সমস্যাত পৰিব পাৰে বহুতেই। সু শৃংখল জীৱন যাপনৰ পদ্ধতি আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ সহায়ত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি যদিও পুষ্টি বিদৰ মতে, শৰীৰত কোনো বিশেষ ভিটামিনৰ অভাৱ হ’লে অতি সোনকালেই চুলি পকিবলৈ ধৰে। শৰীৰত কোন ভিটামিনৰ অভাৱ হ’লে অকালতে চুলি পকে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। কম বয়সতে চুলি পকি যোৱা সমস্যাই দেখা দিলে ভিটামিন বি’ ৰ অভাৱ অন্যতম কাৰণ হ’ব পাৰে। বিভিন্ন গৱেষণাত দেখা গৈছে যে, শৰীৰত বি’ ভিটামিন কম থাকে বা এই ভিটামিনৰ অভাৱ হয় তেনেহলে তাৰ প্ৰভাব পোনপটীয়াকৈ চুলিৰ ওপৰত পৰে।
২)। পুষ্টি বিদে জানিবলৈ দিয়া মতে, প্ৰচুৰ পৰিমাণে ভিটামিন বি’ যুক্ত খাদ্য খোৱা অতি প্ৰয়োজনীয়। নহ’লে কম বয়সতে চুলি বগা হোৱাৰ লগতে চুলি সৰি যোৱা সমস্যাই দেখা দিব।
৩)। ভিটামিন বি’ আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ পুষ্টি উপাদান। এই উপাদানে কোষৰ বিপাক আৰু লোহিত ৰক্তকণিকাৰ সংশ্লেষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৪)। প্ৰতিদিনৰ খাদ্য তালিকাত ভিটামিন বি’ সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। পুষ্টি বিদে পৰামৰ্শ দিয়ে যে, যদি কম বয়সতে চুলি পকিবলৈ ধৰে তেনেহলে প্ৰতিদিনৰ খাদ্য তালিকাত ভিটামিন বি’ , ভিটামিন বি৬ , আৰু ভিটামিন বি১২ অন্তৰ্ভুক্ত কৰিব লাগে।
৫)। বিশেষকৈ গাখীৰ আৰু দুগ্ধ জাত খাদ্য বেছিকৈ খালে এই পুষ্টিৰ চাহিদা পূৰণ কৰিব পাৰে।
ভিটামিন বি’ পৰ্যাপ্ত পৰিমাণে পাবলৈ হ’লে কণী,ছয়াবিন, দৈ, ওটচ, গাখীৰ,পানীৰ আদি খাদ্য তালিকাত ৰাখিব লাগে। তাৰোপৰি ব্ৰকলি, সেউজীয়া শাক পাচলি, গোটা মাহ, সালমন ফিছ, চিকেন আদি খাব লাগে।