সোণাৰায় পূজা ৰাজবংশী জনগোষ্ঠীৰ এটি জনপ্ৰিয় পূজা। ভগৱান শ্ৰীকৃষ্ণৰ লৌকিক ৰূপ হৈছে সোণাৰায়। লৌকিক ৰূপ ধাৰণ কৰা সোণাৰায়ক ব্যঘ্ৰ দেৱতা বুলিও কোৱা হয়।
পশ্চিম অসমৰ ধুবুৰী জিলাৰ কোচ- ৰাজবংশী সম্প্ৰদায় অধ্যুষিত গাঁও অঞ্চলত বহুলভাৱে প্ৰচলিত ‘ সোণাৰায় মাগণ’ প্ৰথা পুষণা উৎসৱৰ আৰম্ভণি বুলি জানিবলৈ পোৱা যায়।
মাঘ বিহু বা ভোগালী বিহুৰ সমধৰ্মী পশ্চিম অসমৰ পুষণা বা দোমাসী বা সংক্ৰান্তি বা পুষণা উৎসৱ। পুঁহ মাহৰ প্ৰথমৰ পৰাই শিশু, যুবক আৰু পৌৰ সকলে এই উৎসৱৰ পাতনি মেলাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। পুঁহ মাহত খেতিয়কে খেতি চপোৱাৰ অন্তত পথাৰ সমূহ উদং হৈ পৰে । সেইবাবে এই সময়ত ঘৰৰ জীৱ জন্তু বোৰক পথাৰত খেতি নথকা বাবে খাদ্য গ্ৰহণৰ বাবে মুকলি মুৰীয়াকৈ এৰি দিয়ে। আগৰ দিনত এই অঞ্চল সমূহত বন – জংগলৰ পৰিমাণ বেছি আছিল বাবে বাঘ আদি হিংস্ৰ জন্তুৰ প্ৰভাৱ বেছি আছিল। সেই অঞ্চলৰ কোচ – ৰাজবংশী সম্প্ৰদায়ৰ লগতে বড়ো, ৰাভা আদি জনগোষ্ঠী লোকৰ মাজত বাঘ বা বাঘৰ ৰূপত ‘ সোণাৰায় ঠাকুৰ’ বা ‘ বাঘেশ্বৰী দেৱীৰ ‘ পূজাৰ প্ৰচলন পুঁহ – মাঘৰ সংক্ৰান্তিত প্ৰচলিত হৈ আহিছে।
‘ সোণাৰায় ‘ ঠাকুৰৰ পৰিচয় সম্পৰ্কে বিভিন্ন মতবাদ প্ৰচলিত আছে। সোণাৰায় আৰু ৰূপাৰায় দুজন ভাই – ককায়েক। সোণাৰায় হ’ল কৃষ্ণ আৰু ৰূপাৰায় হ’ল বলৰাম । গতিকে সোণাৰায় পূজা মানে কৃষ্ণ – বলৰামৰ পূজা।
“ সোণাৰায় ৰূপাৰায় যে
মাণিক দুইৰে ভাগ
চলৰে চলৰে দাদা
কাঙাল বনে যাই।
পূজা খাবাৰ আশে
কি খাইবো পূজা দাদাৰে
অৰুণ হইয়াছে “
কৃষ্ণৰ শৰীৰৰ বৰণ সোণৰ দৰে বাবে কৃষ্ণক সোণাৰায় আৰু বলৰামৰ শৰীৰৰ বৰণ ৰূপাৰ দৰে বাবে বলৰামক ৰূপাৰায় বুলি কোৱা হয়। কৃষ্ণৰ আন এটা নাম ‘কালা’ বুলিও জনা যায়।
“ হাতে বাশী পাঞে নুপূৰ মাতায় মটুক চুল।
নাচিতে নাচিতে গেলো কালি দহেৰ কূল।।”
কালি নাগক দমন কৰোঁতে নাগৰ মুখেৰে নিৰ্গত হোৱা বিষ কৃষ্ণৰ শৰীৰত লাগি যোৱাত কৃষ্ণৰ সোণৰ বৰণৰ শৰীৰটো ক’লা হৈ যোৱা বাবে ‘ কালা’ বুলি কোৱা হয়।
আন এক লোকবিশ্বাস মতে, সোণাৰায় পূজাৰ জৰিয়তে মহামায়া পূজা কৰা হয়। যোগমায়া কৃষ্ণ লীলাৰ লগত যুক্ত হৈ থকা বাবে কৃষ্ণ বা বিষ্ণু ভক্ত বৈষ্ণৱ সকলে যোগমায়াক পূজা কৰে। এই কাৰণত মহামায়াই অন্তৰত দুখ পাই পূজা লাভৰ বাবে কৃষ্ণৰ ওচৰত আহি প্ৰাৰ্থনা জনালে আৰু কৃষ্ণই মহামায়াৰ ভক্তিত সন্তুষ্ট হৈ ক’লে ‘ ঠিক আছে , সোণাৰায় পূজাত কৃষ্ণলীলা গান পৰিবেশন কৰি ভক্ত সকলে তোমাৰ পূজা কৰিব।” তেতিয়াৰে পৰা সোণাৰায় পূজাত মহামায়াৰ পূজা কৰা হয়, যিহেতু মহামায়াৰ বাহন বাঘ, গতিকে মহামায়া পূজা কৰিলে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি বুলি বিশ্বাস কৰা হয়।
সোণাৰায় পূজা কোনো এজন ব্যক্তিয়ে ব্যক্তিগত ভাবে পূজা কৰিব নোৱাৰে। কৃষি কৰ্মৰ লগত জড়িত লোকসকলে একেলগ হৈ এই পূজা সম্পন্ন কৰে। এখন গাঁৱত ১৫/ ২০ জনীয়া দল একোটা গঠন কৰা হয়। এজন গীতাল, দুজন খোল বাদক, দুজন কুপী বা বাঁহী বজোৱা বাদক, দুজন তাল বাদ্য লগতে বাকীবোৰে হাত চাপৰি বজাই সহযোগ কৰে। এই দলবোৰে কেতিয়াবা ল’ৰাক ছোৱালী সজাই ‘ ছুকুৰী’ লগত লৈ নৃত্য – গীত কৰিছিল বুলিও জানিব পৰা যায়। সাধাৰণতে খালি ভৰিৰে গধূলি হোৱাৰ লগে লগে ‘ সোণাৰায়’ মাগিবলৈ ওলায় আৰু গৃহস্থ শুবলৈ নোযোৱা লৈকে ঘৰে ঘৰে ‘সোণাৰায়’ গীত পৰিৱেশন কৰি মাগি ফুৰে।
“ ধন্য ঠাকুৰ সোণাৰায় গাৰ্হস্হক দে তুই বৰ।
ধনে বংশে বাঢ়ুক গিৰি চন্দ্ৰ দিবাকৰ ।।
গৈলত ( গোহালী ) বাঢ়ুক গাই গৰু গোলাত ( ভঁৰাল) বাঢ়ুক ধান।
দেওয়ানে দৰবাৰে পাউক বাটা ভৰা পাণ ।।
গৈলত বাঢ়ুক গাই গৰু জাঙালত বাঢ়ুক নাউ ( লাউ)।
গিৰিৰ ঘৰেৰ শত্ৰুক বনেৰ বাঘে খাউক ।।”
সোণাৰায় পূজাৰ ভাগ দুটা ১) মাগন আৰু ২) পূজা। পুঁহ মাহত মানুহৰ ঘৰে ঘৰে সোণাৰায়ৰ গীত পৰিৱেশন কৰি দক্ষিণা সংগ্ৰহ কৰে আৰু সেই দক্ষিণাৰে পুষণাৰ দিন ( সংক্ৰান্তিত) বা মাঘ মাহৰ প্ৰথম সপ্তাহত অঞ্চল ভেদে সোণাৰায় পূজা কৰা হয়।
সোণাৰায় ঠাকুৰৰ কোনো নিৰ্দিষ্ট ধাম নাথাকে। পথাৰ, বাৰী বা কোনো খালি ঠাইত এই পূজা কৰা হয়। দহ জনৰ ভিতৰত এজনক ‘ মাড়েয়া ‘ নিৰ্ধাৰণ কৰি সোণাৰায় পূজা কৰা হয় আৰু এই পূজা সাধাৰণতে ভাটিবেলা বা সন্ধিয়া সময়ত কৰা হয়।
সোণাৰায় ঠাকুৰৰ কোনো মূৰ্তি নাই বুলি জনা যায় যদিও কিছুমানৰ মতে, মূৰ্তি আছে বুলিও জানিব পৰা যায়। মাটি বা কুহিলাৰ সহায়ত বাঘৰ পিঠিত উপবিষ্ট সোণাৰায় আৰু ম’হৰ পিঠিত উপবিষ্ট বলৰামৰ মূৰ্তি সজাই পূজা কৰা হয়। কিন্তু সোণাৰায়ৰ মূৰ্তিত কৈ সোণাৰায়ৰ প্ৰতীক স্বৰূপ ‘ ড’ ৰ পূজা কৰা দেখিবলৈ পোৱা যায়। ‘ড’ অৰ্থাৎ দণ্ড বা মাৰি। চালনিত ফুল আদিৰে মাৰি কেইটা সজোৱা হয় আৰু মাগণৰ সময়ত সেই সোজোৱা চালনি খন হাতত লোৱা হয়। পূজাৰ দিনাখন সেই ‘ড’ৰ টোক পূজা কৰা হয়। গৰু, বাঘ , ভালুক আদি জন্তুক পৰিচালনা কৰিবলৈ লাঠি ( মাৰি ) বা দণ্ডৰ প্ৰয়োজন হয়। সেই বাবে দণ্ড ৰ পৰা উৎপত্তি হোৱা ‘ড’ৰকে সোণাৰায়ৰ প্ৰতীক বুলি জানিবলৈ পোৱা যায়। মুঠতে সোণাৰায় পূজাত প্ৰতীক ধৰ্মী ‘ ড’ৰ আৰু মানৱ আকৃতিৰ মূৰ্ত্তি ‘কৃষ্ণ – বলৰাম’ৰ পূজা কৰা হয় বুলি জানিবলৈ পোৱা যায়।
সোণাৰায় পূজা গীত কেন্দ্ৰিক অনুষ্ঠান , অৰ্থাৎ গীত পৰিবেশন নকৰিলে এই পূজা সম্পন্ন নহয়। সোণাৰায় পূজাৰ গীতক দুই ভাগত বিভক্ত কৰিব পাৰি – জন্ম খণ্ড আৰু বাল্য লীলা। সন্তানৰ মুখ নেদেখা গোয়াল গোয়ালীয়ে সন্তান লাভৰ বাবে ধৰ্ম দেৱতাক পূজা কৰে আৰু পূজাত সন্তুষ্ট হৈ
“ধৰ্ম লৈ শ্বেত মাছি হয়া
ঠাকুৰ গৰ্ভে দিলো বাস ।।
দশ মাস দশ দিন পুৰ্ণিত হইল ।
মায়েৰ গৰ্ভ ছাৰি ঠাকুৰ ভূমিতে পৰিল ।। “
গোয়াল – গোয়ালী হ’ল নন্দ – যশোদা আৰু সোণাৰায় ঠাকুৰ শ্ৰীকৃষ্ণৰ ৰূপ বিবেচিত কৰি শ্ৰীকৃষ্ণৰ জন্মৰ পৰা বাল্য লীলা বৰ্ণনা কৰা হয়।
“ বাথানতে ৰান্ধে বাৰে বাথানতে খায় ।
মৈষেৰ ( মহ) চাৰিয়া মুৰলী বাজায় ।।”
সোণাৰায় পূজা কৰিলে বা দক্ষিণা দিলে সোণাৰায়ৰ বৰত ধন , সম্পত্তি, বংশ, গৃহস্হালি, গৰু, গাই ,ধান, শষ্য, মান, সন্মান লাভ হয় বুলি গীতত উল্লেখ আছে ——
“ ধন্য ঠাকুৰ সোণাৰায় গায়ৰস্হক দে তুই বৰ
ধনে বংশে বাঢ়ুক গিৰী চন্দ্ৰ দিবাকৰ
ঠাকুৰ সোণাৰায় হে —–”
গোটেই পুঁহ মাহটো বৃদ্ধ, শিশু সকলৰ লগতে ডেকাচামেও দল বদ্ধ হৈ চুবুৰীয়ে চুবুৰীয়ে সোণাৰায় মাগণ গীত পৰিৱেশন কৰা দেখা যায় —
“ বাগ নামিলোৰে
চিতিয়া পাখৰা,
শীতেৰ সময় নামিলো বাগ
মানুষ কামৰা,
বাগ নামিলোৰে।”
এনেদৰে সোণাৰায় মাগণ গীত গাই গৃহস্থক আৰ্শীবাদ দিয়ে আৰু গৃহস্থই কমকৈ দক্ষিণা দিলে উপলুঙা কৰি গায় —-
“ সোণাৰায়েৰ দক্ষিণা দিলেও
আদা কুলা ধান
সিওধান ঘুৰিয়া দিলোং
পিঠা ভাজি খান গিৰী
পিঠা ভাজি খান।”
এনেদৰে সোণাৰায় মাগণ মাগি পোৱা টকাৰে পু়ঁহ – মাঘ মাহৰ সংক্ৰান্তিৰ দিনা গাঁওখনৰ এঘৰৰ চোতালত সমূহীয়া ভোজ-ভাতৰ আয়োজন কৰে। ভোজ-ভাত ৰান্ধা হ’লে প্ৰথমতে ৰান্ধা বস্তুবোৰ এখন আগলতি কলপাতত সোণাৰায় ঠাকুৰক আগবঢ়াই সেৱা জনোৱাৰ পিছতহে ৰাইজে আহাৰ গ্ৰহণ কৰাৰ পৰম্পৰা চলি আহিছে।
এনেদৰে সোণাৰায় মাগণৰ লগে লগে পশ্চিমে অসমৰ ঘৰে ঘৰে পিঠা , লাড়ু, দৈ- চিৰা বনোৱাৰ প্ৰস্তুতি চলে। সংক্ৰান্তিৰ দিনা পুৱাই উঠি গা- পা ধুই জুই পুওৱাৱ লগতে বছৰৰ এই মহত্বপূৰ্ণ দিনটোত অগ্নি দেৱতাক সেৱা জনাই পিঠা, লাড়ু,লৈ ,চিৰা আদি খোৱাৰ প্ৰচলন চলি আহিছে অতীজৰে পৰা।