আমি সকলোৱে কাঠ আলু খাওঁ যদিও মাঘৰ বিহুত কাঠ আলু খোৱাৰ এক পৰম্পৰা চলি আহিছে। কাঠ আলু আৰু মাটিমাহৰ ডাইল মাঘৰ বিহুৰ এবিধ চিনাকি ব্যঞ্জন। জুইত পুৰি বা তেলত ভাজি বা ডাইলত দি এই আলুবিধক বিভিন্ন ধৰণেৰে খোৱা হয়। নিজে ভালপোৱা ধৰণে সকলোৱে এটুকুৰা হ’লেও কাঠআলু ঘৰত নাথাকিলেও বজাৰৰ পৰা হ’লেও আনি খাওঁ। কাঠআলুৰ বৰণ পাতল ক’লা ৰঙৰ যদিও আলু কাটিলে ভিতৰৰ ৰঙ বগা বৰণৰ হয় আৰু আলু কাটিলে বগা বিজলুৱা জুলীয়া পদাৰ্থ ওলায়। এই আলুবোৰ শক্তিৰ ভৰাল আৰু ঔষধি গুণেৰে ভৰপূৰ। কাঠআলু খালে আমাৰ কি কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে —-
১) কাঠ আলুত বহুত বেছি ডায়েটাৰী ফাইবাৰ থকা বাবে এই আলু খালে পেটৰ ৰোগ আৰু কোষ্ঠাকাঠিন্য দূৰ হয়। তাৰোপৰি পেট চাফা কৰাৰ লগতে গেছৰ সমস্যা নোহোৱা কৰে।
২) কাৰ্বহাইড্ৰেট আৰু প্ৰটিন সমৃদ্ধ কাঠআলু খালে সোনকালে শৰীৰত শক্তি পোৱা যায়।
৩) কাঠ আলু খালে লিভাৰ, খাদ্যনলী আৰু পাকস্থলীত জমা হোৱা টক্সিন সমূহ নিষ্কাশন হয়।
৪) ডায়বেটিছ ৰোগীয়েও এই আলু খাব পাৰে। গৱেষনা অনুসৰি, উচিত পৰিমাণে এই আলু খালে তেজৰ শৰ্কৰা বৃদ্ধি নহয় ।
৫) কাঠ আলুত থকা এণ্টি-ইনফ্লেমেটেৰী গুণৰ বাবে আৰথ্ৰাইটিছ ৰোগীৰ বাবেও উপকাৰী। গাঁঠিৰ বিষ আৰু
মাংসপেশীৰ বিষ হোৱা ব্যক্তিয়ে এই আলু খালে বিষ আৰু ফুলা কমি যায়।
৬) ভিটামিন চি’ ৰে সমৃদ্ধ কাঠ আলুই ছালৰ সজীৱতা আনিব পাৰে।
৭) ডায়েটেৰী ফাইবাৰ থকা বাবে কাঠ আলু খালে শৰীৰৰ ওজন হ্ৰাস হোৱাৰ লগতে তেজৰ অতিৰিক্ত কলেষ্টেৰল কমি যায়।
৮) গৱেষনা অনুসৰি , কাঠ আলুৱে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
৯) মেনপজ হোৱা মহিলাই কাঠ আলু খালে বহুতো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।
কাঠ আলুৰ বহুতো উপকাৰী গুণ আছে যদিও এবিধ বিষাক্ত অস্বাস্থ্যকৰ দ্ৰব্য অক্সালিক এচিড , চায়েন’জেন , টেনিন, ফাইটেত আদি অতি কম পৰিমাণে পোৱা যায়। সেইবাবে কাঠ আলু খান্দি আনি লগে লগেই খোৱা উচিত নহয়। কমেও এসপ্তাহ ৰদত ৰাখিলে এই আলুৰ বিষাক্ত দ্ৰব্যৰ পৰিমাণ কমি যায়। কেচাই কেচাই কাঠ আলু খাব নালাগে আৰু ৰান্ধোতে ভালকৈ সিজাব লাগে। ভালকৈ সিজোৱাৰ ফলত বিষাক্ত দ্ৰব্যৰ পৰিমাণ অতি নগন্য হৈ পৰে। সেয়েহে কাঠ আলু উতলাই পানী পেলাই দিহে ৰন্ধা উচিত।