অহা ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি মেগা টিকাকৰণ অভিযানৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশতে এই অভিযান সন্দৰ্ভত ৰাজ্যসমূহত ব্যাপক তৎপৰতা দৃষ্টিগোচৰ হৈছে।
গুৱাহাটী মহানগৰ প্ৰশাসনে অহা ১৭ ছেপ্টেম্বৰত কামৰূপ মেট্ৰ’ত প্ৰায় ৬০,০০০ পালি টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে। উপায়ুক্ত বিশ্বজিৎ পেগুৱে মেগা টিকাকৰণ অভিযানৰ অন্তৰ্গত এই কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ টিকাকৰণ কেন্দ্রৰ সংখ্যা বৃদ্ধি কৰাৰ নির্দেশ দিছে।
কামৰূপ জিলাত অভিযান সফল কৰি তুলিবলৈ উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত এখন গুৰুত্বপূর্ণ বৈঠকৰ আয়োজন কৰা হয়। স্বাস্থ্য বিভাগ আৰু এন জি অ’ সমূহৰ সৈতে হোৱা এই বৈঠকত টিকাকৰণ অভিযানত এন জি অ’সমূহক অধিক সক্রিয়ভাৱে জডিত হ’বলৈ উপায়ুক্তই আহ্বান জনায়।
মহানগৰত প্রায় ১১.৬৪ শতাংশ লোকে প্রথম পালি ভেকচিন লাভ কৰাৰ বিপৰীতে ৫.১৩ লাখ লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে। গুৰুত্বপূৰ্ণ যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে দুৰ্গা পূজা অনুষ্ঠিত কৰা সন্দৰ্ভত ৰাজ্যখনত বাকী থকা লোকসকলক ক্ষীপ্ৰতাৰে ভেকচিন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।
জিলা প্ৰশাসনে ভেকচিন প্ৰদানৰ বাবে যোৱা ২১ জুনত অংশ লোৱা কেন্দ্রসমূহ পুনৰ সক্রিয় কৰাৰ লগতে অতিৰিক্ত কেন্দ্র সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে। ১৭ ছেপ্তেম্বৰৰ দিনা নিয়মীয়া সূচীৰ পৰিৱর্তে পুৱা ৮ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ টিকাকৰণ কৰিবলৈ উপায়ুক্তই নির্দেশ দিছে বুলি জানিব পৰা গৈছে।
আনহাতে কেতবাৰ নিৰ্বাচিত এন জি অ’ত ২৪ ঘণ্টাই টিকাকৰণ কৰাৰো নির্দেশ দিয়া হৈছে। তাৰ উপৰি উপায়ুক্তই অভিযানৰ বিষয়ে ৰাইজৰ মাজত ব্যাপক প্রচাৰ চলাবলৈ স্বাস্থ্য বিভাগক নির্দেশ দিছে।