ঔষধি গুণেৰে পৰিপূৰ্ণ এবিধ থলুৱা বন শাক হৈছে কলমৌ শাক।পানী থকা ঠাইত নাইবা খেতি পথাৰ বা সেমেকা ঠাইত এই শাকবিধ দেখিবলৈ পোৱা যায়। কলমৌ আৰু আলুৰ শুকান ভাজি , মচুৰ ডাইলৰ লগত বনোৱা কলমৌ শাকৰ আঞ্জা বা মাগুৰ -শিঙি মাছেৰে ৰান্ধা কলমৌ শাকৰ জোলৰ সোৱাদেই সুকীয়া। আঁহ জাতীয় এই শাকবিধত আছে বহুতো ঔষধি গুণ। এই শাকবিধ খালে চকু ভালে থকাৰ লগতে হজমত সহায় কৰে আৰু হিম’গ্লবিন ঠিকে ৰাখিব পাৰে। এই শাকবিধক বসন্ত ৰোগৰ প্ৰতিষেধক বুলি কোৱা হয়।
কলমৌ শাক ভিটামিন A, ভিটামিন B , ভিটামিন C,আইৰণ, আঁহ, কেলচিয়াম,মেগনেছিয়াম, মেংগানিজ,পটাছিয়াম, ফচফৰাছ,ছডিয়াম, জিঙ্ক আদিৰে ভৰপূৰ। জানো আহক চোন কলমৌ শাক খালে আমাৰ কি কি উপকাৰ হয় এই প্ৰতিবেদন যোগে —-
1. কলমৌ শাকে চুলিৰ সৌন্দৰ্য বৰ্ধন কৰাত সহায় কৰে আৰু এই শাকে ছালৰ উজ্বলতা বঢ়াব পাৰে।
2. কলমৌ শাক চকুৰ বাবে উপকাৰী ৷ এই শাকবিধ খালে দৃষ্টি শক্তি বৃদ্ধি পায়।
3. কলমৌ শাক খৰ,খজুৱতি,আৰু আন চৰ্মৰোগৰ চিকিৎসাত সহায়ক হয়।
4. কলমৌ শাকে পুৰুষৰ শুক্ৰাণু বৃদ্ধি কৰিব পাৰে।
5. সন্তান জন্ম দিয়া মহিলাই কলমৌ শাক খালে স্তনৰ গাখীৰ বৃদ্ধি হয়।
6. কলমৌ শাকৰ ৰস আৰু গাখীৰ খালে নিদ্ৰাহীনতা দূৰ হয়।
7. কলমৌ শাক জণ্ডিচ আৰু অন্যান্য লিভাৰজনিত ৰোগৰ বাবেও উপকাৰী।
8. মেদবহুলতা, উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে কলমৌ শাক অতি উপকাৰী।
9. আঁহ যুক্ত হোৱা বাবে কলমৌ শাক কোষ্ঠ কাঠিন্য ৰোগত ভোগা ব্যক্তিয়ে খালে উপকাৰ পায়।
10. কলমৌ শাকে গৰ্ভৱতী মহিলাৰ ডায়েবেটিজ ৰোগৰ উপশম ঘটাব পাৰে।
11. মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত কলমৌ শাক খালে সুফল পোৱা যায়।
12. কলমৌ শাকত প্রচুৰ পৰিমাণৰ কেলচিয়াম থকা বাবে হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰিব পাৰে।
13. কলমৌ শাকে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।
14. কলমৌ শাক বসন্ত ৰোগৰ প্রতিষেধক হিচাবে কাম কৰে।
15. কলমৌ শাক নিয়মীয়াকৈ খালে ধাতু ৰোগ ভাল হয়।
সহজতে উপলব্ধ ঔষধি গুণেৰে ভৰপূৰ এই শাকবিধ খালে আমি বহুতো ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সক্ষম হম।