ইউৰিক এচিড আমাৰ সকলোৰে শৰীৰত থাকে। কিন্তু কেতিয়াবা গম নোপোৱাকৈ আমাৰ শৰীৰত ইউৰিক এচিড বাঢ়ি থাকিব পাৰে আৰু তেতিয়া বহুতো সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়। খাদ্যৰ যোগেদি আমি কিছুমান ৰোগ নিৰাময় কৰিব পাৰোঁ। চিকিৎসকে জানিবলৈ দিয়ে যে, এই ৮ বিধ খাদ্য খালে ইউৰিক এচিডৰ পৰা হাত সাৰি থাকিব পাৰি। কি খাদ্য খালে ইউৰিক এচিড হোৱাৰ পৰা বাচি থাকিব পাৰি বা ইউৰিক এচিড নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি জানো আহকচোন এই প্ৰতিবেদন যোগে
১) পানী :- পানী আমি সকলোৱে খাওঁ। যি মানুহে পানী বেছিকৈ খায় তেওঁলোকৰ ইউৰিক এচিড হোৱাৰ সম্ভাৱনা কম আৰু যি মানুহে পানী কমকৈ খায় তেওঁলোকৰ ইউৰিক এচিড হোৱাৰ সম্ভাৱনা বেছি থাকে। কিয়নো পানী খাই থাকিলে কিডনীৰ কাৰ্য ক্ষমতা ঠিক কৰি ৰাখিব পাৰে আৰু পানীত ইউৰিক এচিডৰ দৰে কিছুমান অলাগতীয়াল পদাৰ্থ দ্ৰবিত হৈ পেছাৱৰ মাধ্যমেৰে শৰীৰৰ বাহিৰলৈ ওলাই আহে। গতিকে ইউৰিক এচিডৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰচুৰ পৰিমাণে পানী পান কৰিব লাগে।
২)। ক্ষাৰ :- যিকোনো ধৰণৰ এচিডক প্ৰশমিত কৰিব পাৰে ক্ষাৰে। সেইবাবে কলা ক্ষাৰ দিয়া ব্যঞ্জন বা অমিতা, স্কোৱাছ আদি ক্ষাৰ ধৰ্মী পাচলি বোৰ খালে উপকাৰ পোৱা যায় আৰু এইবোৰ খাদ্যই ইউৰিক এচিডক নিয়ন্ত্ৰণত ৰাখিব পাৰে।
৩)। কলপচলা :- কলপচলাই ইউৰিক এচিডৰ মহৌষধ হিচাপে কাম কৰে। কলপচলা হৈছে ক্ষাৰ ধৰ্মী পাচলি যি স্বাভাবিকতে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কল পচলাত থকা আহে ইউৰিক এচিড নৰ্মেল কৰি ৰাখিব পাৰে। আৰু কলপচলা হৈছে মূত্ৰজনন যিয়ে পেছাৱ পৰিষ্কাৰ কৰে আৰু কিডনীৰ কাৰ্য ক্ষমতা ভালে ৰখাত সহায় কৰে। গতিকে শৰীৰত যদি ইউৰিক এচিড বাঢ়ি থাকে তেনেহলে অতিৰিক্ত ইউৰিক এচিড পেছাৱৰ মাধ্যমেদি শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ে। সেয়েহে কলপচলা খাই থাকিলে ইউৰিক এচিডৰ সমস্যা নহয় বা ইউৰিক এচিডৰ সমস্যা থাকিলেও নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।
৪)। শাক। :- ইউৰিক এচিডক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণত ৰাখিব পাৰে এই তিনিবিধ শাকে। শাক কেইবিধ হ’ল পনৌনোৱা শাক, পুনৰ্ণবা শাক আৰু ভেদাইলতা বা ভেবেলীলতা। এই তিনিবিধ শাকে কিডনী আৰু লিভাৰৰ কাৰ্য ক্ষমতা ভালে ৰখাত সহায় কৰে আৰু ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰে। যদি এই তিনিবিধ শাকৰ আঞ্জা মাজে সময়ে খাই থকা হয় তেনেহলে ইউৰিক এচিডৰ সমস্যা নহয়। এই শাক কেইবিধৰ যিকোনো এবিধ শাকৰ ৰস এচামোচ বা দুই চামোচ ৰাতিপুৱা খালি পেটত মাজে সময়ে খালে উপকাৰ পোৱা যায়।
৫)। ফল। :- এই তিনি বিধ ফল খালে ইউৰিক এচিডক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণত ৰখাত সহায় হয়। এই ফল কেইবিধ হ’ল কল , আপেল আৰু চেৰী। কালত পিউৰিনৰ পৰিমাণ কম থাকে বাবে কল খালে ইউৰিক এচিডৰ সমস্যা নহয়। আপেলত যথেষ্ট পৰিমাণে ডায়েটাৰি ফাইবাৰ বা আহ থকা বাবে শৰীৰৰ পৰা অতিৰিক্ত ইউৰিক এচিড পেছাৱৰ মাধ্যমেদি বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে আৰু আপেলত এনে কিছুমান যৌগ আছে যিয়ে ইউৰিক এচিড প্ৰশমিত কৰিব পাৰে বা নিয়ন্ত্ৰণত ৰাখিব পাৰে। চেৰীত থকা ভিটামিন চি ‘ য়ে শৰীৰৰ পৰা অতিৰিক্ত ইউৰিক এচিড পেছাৱৰ মাধ্যমেদি বাহিৰলৈ ওলাই অহাত সহায় কৰে। চেৰীত থকা কিছুমান যৌগ ই ইউৰিক এচিডৰ কৃষ্টেল গঠন হোৱাত বাধা দিয়ে অৰ্থাৎ ইউৰিক এচিডৰ বাবে হোৱা গাঁঠিৰ বিষ আৰু কিডনী ষ্ট’ন হোৱাটো বাধা প্ৰদান কৰে। গতিকে এই তিনি বিধ ফল খাই থাকিলে ইউৰিক এচিডৰ পৰা বাচি থাকিব পাৰি।
৬)। কুন্দুলি :- এবিধ সাধাৰণ পাচলি কুন্দলি হৈছে শীতল আৰু ক্ষাৰ ধৰ্মী। কুন্দলিয়ে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু কিডনীৰ কাৰ্য ক্ষমতা ভালে ৰখাত সহায় কৰে। যদি নিয়মিত ভাৱে কুন্দুলীৰ আঞ্জা খোৱা যায় তেনেহ’লে ইউৰিক এচিডৰ পৰা বাচি থাকিব পাৰি। আৰু যি সকল লোকৰ ইউৰিক এচিড আছে তেওঁলোকে ২ টা বা ৩ টা কুন্দুলি ভালদৰে ধুই চকলীয়াই লৈ এগিলাচ পানীত এৰাতি তিয়াই থৈ দিব লাগে আৰু ৰাতিপুৱা চেকনীৰে চেকি পানী খিনি খালি পেটত নিয়মিত ভাৱে কিছুদিন খালে ইউৰিক এচিডৰ পৰা সকাহ পোৱা যায়।
৭)। মছলা :- পাকঘৰৰ তিনি বিধ মছলা আদা, নহৰু আৰু হালধিয়ে ইউৰিক এচিডৰ সমস্যা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। বিভিন্ন আঞ্জাত দিয়াৰ উপৰিও যদি মাজে মাজে ২ খুটা বা ৩ খুটা নহৰু কেঁচাই খোৱা যায় বা আদা আৰু হালধিৰে চাহ বনাই খোৱা যায় তেনেহলে ইউৰিক এচিডৰ দৰে বহুতো সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ।
৮)। আয়ুৰ্বেদিক বনৌষধী :- পাতেগজা বা দুপৰটেঙা, এল’ভেৰা বা ছাল কুঁৱৰী আৰু জবাফুল এই তিনি বিধ বনৌষধিৰে ইউৰিক এচিড প্ৰতিৰোধ কৰিব পাৰি। এই তিনিও বিধ বনৌষধি শীতল, মূত্ৰজনন আৰু কিডনীৰ বাবে উপকাৰী। এই বনৌষধি বোৰ ৰাতিপুৱা খালি পেটত খাব পাৰি বা দিনটোৰ যিকোনো সময়তে চৰবত বনাই খাব পাৰি। দুখিলা বা তিনিখিলা পাতে গজাৰ পাতৰ ৰস এগিলাচ পানীত মিহলাই মাজে সময়ে ৰাতিপুৱা খালি পেটত খাব পাৰি বা দিনত তাল মিচিৰিৰ লগত চৰবত বনাই খালেও ইউৰিক এচিডত উপকাৰ পোৱা যায় । ঠিক তেনেকৈ ৩/৪ চামোচ এল’ভেৰাৰ ৰস এগিলাচ পানীত মিহলাই ৰাতিপুৱা খালি পেটত নিয়মীয়াকৈ খালে ইউৰিক এচিডৰ পৰা বাচি থাকিব পাৰি বা দিনত নেমুৰ চৰবত বা আন চৰবতৰ লগত এল’ভেৰাৰ ৰস মিহলাই খোৱা হয় তেনেহলে আমি ইউৰিক এচিডৰ পৰা বাচি থাকিব পাৰোঁ।
গৰমৰ দিনত দুপাহ বা তিনি পাহ ৰঙা জবা পিহি লৈ এগিলাচ পানীত অকণমান তাল মিচিৰি দি এৰাতি তিয়াই থৈ ৰাতিপুৱা চেকনীৰে চেকি লৈ খালি পেটত মাজে মাজে যদি খোৱা হয় তেনেহলে ইউৰিক এচিডৰ পৰা বাচি থাকিব পাৰি বা দিনত চৰবত বনাই খালেও ইউৰিক এচিডৰ দৰে বহুতো সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো।
ইউৰিক এচিডৰ পৰা বাচি থাকিবলৈ এই খাদ্য কেইবিধ খোৱাৰ উপৰিও কিছুমান কথা মানি চলিব লাগে। ছাগলী মাংস, গাহৰিৰ মাংস বা ৰেডমিট, জন্তুৰ লিভাৰ আদি কমাই খোৱা উচিত।