ৰাতিপুৱা আৰু আবেলি সময়ত বেছিভাগ লোকৰে চাহ খোৱাটো এক অভ্যাসস্বৰূপ। কিন্তু কিছুসংখ্যক লোকে এই সময়ৰ উপৰিও দিনটোৰ বেলেগ বেলেগ সময়তো চাহ খোৱা দেখা পোৱা যায়। যিকোনো বস্তুৰে অতিৰিক্ত সকলো ক্ষেত্ৰতে বেয়া আৰু অপকাৰী। সুস্থ থাকিবৰ বাবে দিনে ১-২ বাৰতকৈ অধিক চাহ খোৱা উচিত নহয়।
বহু ক্ষেত্ৰত দেখা যায় যে কিছু লোকে দিনটোত ৪-৫ বাৰকৈ চাহ খাই আৰু ঘনাই ঘনাই চাহ খোৱা কাৰ্যটো লাহে লাহে এক অভ্যাসত পৰিণত হৈ পৰে। কিন্তু এই অভ্যাসে যে অজানিতে শৰীৰৰ কিমান ক্ষতি কৰে সেই কথা হয়তো বহুতে নাজানে। অতিৰিক্ত চাহ সেৱন কৰিলে কোষ্ঠকাঠিন্য , হৃদৰোগ , প্ৰস্টেট কেন্সাৰ বা মূত্ৰথলীৰ কেন্সাৰ আদিৰ দৰে মাৰাত্মক ৰোগে দেখা দিব পাৰে।
প্ৰয়োজনকৈ বেছি চাহ খোৱাৰ ফলত শৰীৰত কি কি বিসংগতিয়ে দেখা দিব পাৰে সেই বিষয়ে উল্লেখ কৰা হ’ল-
- চাহত থকা কেফেইনে যিদৰে শৰীৰ সতেজ কৰি তোলে তাৰ বিপৰীতে চাহ বেছিকৈ খালে উৎকন্ঠা , উদ্বেগ আৰু শাৰীৰিক অস্থিৰতা বাঢ়িবলৈ ধৰে।
- হাৰ্টৰ সমস্যা থাকিলে কমকৈ চাহ খোৱাটোৱেই মংগলজনক।
- গৰ্ভাৱস্থাত তিৰোতাসকলে বেছিকৈ চাহ বা কফি খোৱাটো অতি বিপজ্জনক। কাৰণ চাহত থকা কেফেইন গৰ্ভস্থ শিশুৰ বাবে ক্ষতিকাৰক। খুব ইচ্ছা হ’লেও দিনটোত এক কাপ চাহ বা কফিহে খোৱা উচিত।
- চাহত থকা থিওফাইলিন নামৰ ৰাসায়নিক পদাৰ্থবিধে পাচন ক্ৰীয়াত ব্যাঘাত জন্মায়। ফলত বেছিকৈ চাহ খালে কোষ্ঠকাঠিন্যৰ সমস্যা বাঢ়ি যোৱাৰ লগতে বদহজমৰ দৰে সমস্যাও হ’ব পাৰে।
- ৰাতি আঠ বজাৰ পাছত চাহ খোৱাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক। ৰাতি চাহ খালে টোপনিত ব্যাঘাত জন্মিব পাৰে আৰু বহু সময়লৈ টোপনি নাহিবও পাৰে।
- অতিৰিক্ত চাহ খালে পুৰুষৰ প্ৰস্টেট কেন্সাৰ বা মূত্ৰথলীৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।