আমি ধৰি ল’ব পাৰো যে এজন ভিক্ষাৰীয়ে মাহিলী প্ৰায় ৫ হাজাৰৰ পৰা ১০ হাজাৰ ধন অৰ্জন কৰিব পাৰে। কিন্তু আমি ভাবি লোৱা এই ধাৰণা সম্পূৰ্ণ ৰূপে ভুল প্ৰমাণিত কৰি এজন ভিক্ষাৰীয়ে ভিক্ষা কৰি অৰ্জন কৰা ধনেৰে এতিয়া এক বিলাসবহুল জীৱন যাপন কৰিছে।
এটা সৰ্ব ভাৰতীয় সংবাদ মাধ্যমে ভাৰতৰ ধনী ভিক্ষাৰীৰ তালিকা প্ৰস্তুত কৰি কৈছে যে ভাৰতবৰ্ষতে আছে আটাইতকৈ ধনী ভিক্ষাৰীজন। ভৰত নামৰ এই ৪৯ বছৰীয়া ধনী ভিক্ষাৰীজনে মাহিলী উপাৰ্জন কৰে ৭০ হাজাৰতকৈ অধিক টকা।
উল্লেখযোগ্য যে মুম্বাইৰ প্যাৰেল নামৰ অঞ্চলত ভিক্ষা কৰা ভৰতৰ দুটা এপাৰ্টমেন্টো আছে। এটা এপাৰ্টমেন্টৰ মূল্য প্ৰায় ৭০ লাখ টকা।ভিক্ষা বৃত্তিৰে ভৰতে পিতৃ,দুজন ভাই,পত্নী আৰু দুজনী কন্যাৰ সৈতে এখন সুখৰ সংসাৰ চলাই আছে।
ইয়াৰোপৰি ভিক্ষা কৰি পোৱা ধনেৰে ভৰতে এখন দোকানো ক্ৰয় কৰিছে। যিখন দোকান ভৰতে ভাড়ালৈ দি মাহেকত ১০ হাজাৰ টকা উপাৰ্জন কৰে। ইফালে এই সংবাদ মাধ্যমে প্ৰকাশ কৰা ধনী ভিক্ষাৰীৰ তালিকাৰ দ্বিতীয় স্থানত আছে কলকতাৰ লক্ষ্মী দাস।
১৯৬৪ চনৰ পৰাই মাত্ৰ ১৬ বছৰ বয়সতে লক্ষ্মী নামৰ এই ভিক্ষাৰীজনে ভিক্ষা বৃত্তি আৰম্ভ কৰিছিল।জীৱনৰ প্ৰায় ৫০ বছৰ ভিক্ষা কৰি প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিছে লক্ষ্মীয়ে। এই প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি লক্ষ্মীৰ মাহেকীয়া আয় প্ৰায় ৩০ হাজাৰ টকা।লগতে বেংকতো বিপুল পৰিমাণৰ টকা সঞ্চয় কৰিবলৈ সক্ষম হৈছে লক্ষ্মীয়ে।