উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে এটা বিবৃতিযোগে জনাইছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তিনিজন অতিৰিক্ত ন্যায়াধীশক স্থায়ীভাৱে মকৰল কৰা হ’ব।
এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তিনিজন অতিৰিক্ত ন্যায়াধীশৰ নাম স্থায়ী নিযুক্তিৰ বাবে প্ৰেৰণ কৰিছে। ন্যায়ালয়ে নাম প্ৰেৰণ কৰা অতিৰিক্ত ন্যায়াধীশ কেইজন হৈছে, সৌমিত্ৰ শইকীয়া, পাৰ্থিৱজ্যোতি শইকীয়া আৰু এছ শুকাট’ চাও।
উল্লেখ্য যে তেখেতসকলক ২০১৯ চনৰ নৱেম্বৰ মাহত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। আনহাতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ২০১৯ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত বৈঠকত তেখেতসকলৰ নাম অতিৰিক্ত উপায়ুক্তৰ বাবে ঘোষণা কৰিছিল।
হাইকোৰ্টসমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে বিগত কিছুদিনৰ পৰা উচ্চতম ন্যায়ালয়ে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। ইয়াৰ উমান কিছুদিন পূৰ্বে কলেজিয়ামে পৰম্পৰা ভংগ কৰি একেবাৰতে ৯গৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক শপতবাক্য পাঠ কৰোৱাৰ পৰাই বুজিব পাৰি।