নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পাছত এটা এটাকৈ খোল খাই আহিছে জল পৰিবহন ব্যৱস্থাৰ শোচনীয় ৰূপৰ প্ৰকৃত ছবিখন। অত বছৰে মাজুলীবাসী ৰাইজৰ জীৱনক লৈ একাংশ মুনাফালোভীয়ে কি দৰে জুৱা খেলিলে সেই কথাও স্পষ্ট হৈ পৰিছে।
এতিয়া মাজুলীবাসীৰ লগতে সমগ্ৰ ৰাজ্যজুৰি কেৱল এটাই আহ্বান, দলং নিৰ্মাণ কৰক কিন্তু জল পৰিবহন ব্যৱস্থাও উন্নত কৰক। মাজুলীৰ জল উদ্যোগ দেশৰ ভিতৰতে এক সম্ভাৱনাময় উদ্যোগ। কিন্তু ৰাজ্য তথা কেন্দ্ৰৰ হেমাহিৰ বাবেই মাজুলী কেৱল ধৰ্মৰ পীঠস্থান হৈ ৰ’ল।
উল্লেখযোগ্য যে নিমাতীঘাটৰ শোকাৱহ দুৰ্ঘটনাটোৰ পাছত প্ৰশাসনৰ নিৰ্দেশত ফেৰী চলাচলৰ ক্ষেত্ৰত কিছুমান কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞাৰ ফলত জীয়াতু ভূগিছে যাত্ৰীসকলে।
মাজুলীৰ পৰা অজস্ৰ লোকে দৈনন্দিন কামৰ বাবে ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগে। জল পৰিবহনেই তেওঁলোকৰ যাতায়তৰ একমাত্ৰ মাধ্যম। যাত্ৰীসকলে চাকৰি বা বিভিন্ন ধৰণৰ চৰকাৰী কাম-চিকিৎসা-শিক্ষা ইত্যাদিৰ বাবে যেনেদৰে সম্ভৱ হয় তেনেদৰেই পৰিবহন কৰি ইপাৰ-সিপাৰ হয়।
এতিয়া চৰকাৰে দৈনিক নিৰ্দিষ্ট সময় অনুযায়ী ৰ’পেক্স সেৱা আৰম্ভ কৰিছে। দুৰ্ভাগ্যৰ কথাটো হৈছে এনে ধৰণৰ ফেৰীৰ সংখ্যা তেনেই তাকৰ হোৱাৰ বাবে যাত্ৰীসকলৰ বাবে যাতায়ত প্ৰায় অসম্ভৱ হৈ উঠিছে।
ফেৰীৰ এটা টিকটৰ বাবে পুৱা ৩ বজাৰ পৰা যাত্ৰীয়ে শাৰী পাতিবলৈ বাধ্য হৈছে। অথচ নিশা পৰ দিও কোনোবাজনৰ ভাগ্যত পৰা নাই এটাও টিকট।
স্বাভাৱিকতেই এই সন্দৰ্ভত যাত্ৰীসকলৰ মাজত ক্ষোভৰ উদগীৰণ দেখা গৈছে। প্ৰচণ্ড গৰমকো নেওচি ভোক-পিয়াহত এটা মাত্ৰ টিকটৰ বাবে অপেক্ষা কৰিব লগা হোৱা যাত্ৰীয়ে চৰকাৰৰ ওচৰত মাজুলীৰ ওপৰত সুদৃষ্টি দিবলৈ দাবী জনাইছে। লগতে চৰকাৰক কোমল মনেৰে মাজুলীৰ কথা ভাবিবলৈও আহ্বান জনায়।
কমলাবাৰী, অফলামুখ সকলোতে যাত্ৰীৰ লানি নিছিগা শাৰীয়ে মাজুলীবাসীৰ দুৰ্দশাক প্ৰতিফলিত কৰিছে। এতিয়া মাজুলীৰ ক্ষোভিত ৰাইজ অধিক সংখ্যক জাহাজৰ অপেক্ষাত।