ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা অনুসৰি ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব দশম-একাদশ শ্ৰেণীৰ পাঠদান। সংবাদ মাধ্যমৰ আগত এই প্ৰত্যাশিত ভাল খবৰটো দি মন্ত্ৰীজনে কয় যে এতিয়াৰ পৰা আৰু অনলাইন শিক্ষাদান নহয়।লাহে লাহে সকলো খোলা হ’ব।ৰাজ্যৰ শিক্ষাৰ্থী সকলে অহা বুধ,বৃ্হস্পতিবাৰৰ পিছতেই এই ভাল খবৰটো লাভ কৰিব।অৱশ্যে পাঠদান আৰম্ভ হ’ব যদিও হোষ্টেল সমূহ বন্ধ থাকিব বুলি সদৰি কৰিছে শিক্ষামন্ত্ৰীজনে।
অৰ্থাৎ পৰৱৰ্তী কেবিনেটৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব যে চলিত মাহৰ কিমান তাৰিখৰ পৰা পাঠদান আৰম্ভ কৰা হ’ব।উল্লেখযোগ্য যে ক’ভিড পৰিস্থিতিৰ বাবে যোৱা এপ্ৰিল মাহৰ মাজভাগৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছিল।
শেহতীয়াকৈ ক’ভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ পৰ্যায়ক্ৰমে খোলা আৰম্ভ কৰিছে।সেই অনুসৰি যোৱা ৬ ছেপ্টেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক,স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হৈছে।
মন্ত্ৰীজনৰ এই ঘোষণাৰ পিছতেই এতিয়া দশম-একাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক সকলো উৎসাহিত হৈ পৰা দেখা গৈছে।
একেদৰে মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত ১ অক্টোবৰৰ পৰা বিশেষ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথাও ঘোষণা কৰে । উল্লেখযোগ্য যে বিকল্প মূল্যায়ন পদ্ধতিৰে মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল যদিও পুনৰ পৰীক্ষাত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰা শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত হ’ব এই বিশেষ মেট্ৰিক পৰীক্ষা।
সেই অনুসৰি অসম মাধ্যমিক শিক্ষা পৰিষদ(ছেবা)-এ মংগলবাৰে প্ৰকাশ কৰা পৰীক্ষা সূচীত অহা ১ অক্টোবৰৰ পৰা এই বিশেষ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব।অৰ্থাৎ ১ অক্টোবৰত ইংৰাজী,৪ অক্টোবৰত সাধাৰণ গণিত,৬ অক্টোবৰত সাধাৰণ বিজ্ঞান,৮ অক্টোবৰত সমাজ বিজ্ঞান,৯ অক্টোবৰত ঐচ্ছিক বিষয় আৰু ১১ অক্টোবৰত আধুনিক অসমীয়া ভাষাৰ পৰীক্ষা সমূহ অনুষ্ঠিত হ’ব।