চাহৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মিঠাই , ডেজাৰ্ট আৰু কম-বেছি পৰিমাণে কিছুমান ৰন্ধন-প্ৰকৰণত চেনীৰ বহুল ব্যৱহাৰ দেখা যায়। কিন্তু কেৱল খোৱাৰ ক্ষেত্ৰতে নহয় , দৈনদ্দিন জীৱনৰ আন বহুতো কামত চেনীৰ ব্যৱহাৰ উল্লেখনীয়।
চেনীৰ এই ব্যৱহাৰৰ বিষয়ে কিছু কথা উল্লেখ কৰা হ’ল-
- বাচন –বৰ্তন পৰিষ্কাৰ কৰি চিকচিকীয়া কৰাৰ ক্ষেত্ৰত চেনী ব্যৱহাৰযোগ্য। ৰান্ধনীঘৰৰ বাচন-বৰ্তনসমূহত প্ৰায়ে আইৰণযুক্ত পানী অথবা বিভিন্ন দাগ থাকি যায় , যিবোৰ পৰিষ্কাৰ কৰিবলৈ কষ্ট হয়। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পানীত চেনী মিহলি কৰি, সেই পানীত বাচনসমূহ এঘন্টাধৰি তিয়াই ৰাখিলে এনে দাগ আপুনা আপুনি নাইকীয়া হৈ যায়।
- গৰমে গৰমে কোনো খাদ্য বা পানীয় গ্ৰহণ কৰিলে কেতিয়াবা অকস্মাতে জিভা পুৰে । এনে ক্ষেত্ৰত সেই পুৰা স্থানত চেনীৰ দুই-চাৰিটা দানা ৰাখিলে যথেষ্ট উপকাৰ পোৱা যায়।
- ৰান্ধনীঘৰৰ এক প্ৰধান সমস্যা হৈছে পঁইতাচোৰা । ই নানা প্ৰকাৰৰ ৰোগৰ বীজাণু কঢ়িওৱাৰ লগতে অতি সহজতে বংশ বৃদ্ধি কৰি অশান্তিৰ সৃষ্টি কৰে। কিন্তু বিশেষভাৱে চেনীৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ১০ গ্ৰাম বৰিক পাউডাৰ , ১ টেবুল চামুচ চেনী, ১ টেবুল চামুচ দৈ আৰু ১ টেবুল চামুচ আটা মিহলি কৰি সৰু সৰু বল তৈয়াৰ কৰি ল’ব লাগে। এই বলবোৰ যি যি ঠাইত পঁইটাচোৰাৰ উপদ্ৰৱ বেছি তাত থৈ দিলে যথেষ্ট উপকাৰ পোৱা যায়।
- বাদাম সংৰক্ষণ কৰিব বিচাৰিলে , বাদাম থোৱা পাত্ৰত চাৰি চামুচমান চেনী থৈ তাত বাদাম থলে বহু দিনলৈ ভাল হৈ থাকে।
- ফুল সজোৱাৰ চখ বহুতৰে থাকে। বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ফুলদানিত ফুল সজাই থলে দেখিবলৈও অতি সুন্দৰ হয়। কিন্তু সময়ে সময়ে ফুলদানিৰ পানী সলনি কৰি নাথাকিলে ফুল পচি যোৱাৰ সম্ভাৱনা থাকে। গতিকে ফুলদানিৰ পানীত হাইড্ৰজেন চালফেট আৰু সামান্য চেনী মিহলি কৰি ৰাখিলে ফুল ১০-১২ দিন পৰ্যন্ত সতেজ হৈ থাকে।