মঙ্গলবাৰে ৰাতি ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ঘোষণা কৰা জে ই ই মেইন পৰীক্ষাত মুঠ ৪৪ জন প্ৰাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিছে। আনহাতে সংস্থাৰ বিবৃতি অনুসৰি ১৮ জন প্ৰাৰ্থীয়ে ১ নম্বৰ স্থান লাভ কৰিছে।
অৱশ্যে জে ই ইৰ ফলাফল লিংক এতিয়াও সক্ৰিয় কৰা হোৱা নাই যদিও অতি শীঘ্ৰেই অফিচিয়েল এন টি এ ৱেবছাইটত এই লিংক সক্ৰিয় কৰা হ’ব। ক’ভিড মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত চাৰিবাৰ জে ই ই মেইন পৰীক্ষা পৰিচালনা কৰা হৈছিল।
প্ৰথম পৰ্যায় ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় পৰ্যায় মাৰ্চত অনুষ্ঠিত হৈছিল। আনহাতে তৃতীয় পৰ্যায় ক্ৰমান্বয়ে এপ্ৰিল আৰু মে মাহত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও ক’ভিডৰ বিপৰ্যয়ৰ বাবে পিছুৱাই গৈ এয়া জুলাই আৰু আগষ্টত অনুষ্ঠিত হৈছিল।
মঙ্গলবাৰে ঘোষণা কৰা চতুৰ্থ পৰ্যায়ৰ পৰীক্ষা আগষ্ট মাহৰ ২৬, ২৭, ৩১ আৰু ছেপ্তেম্বৰৰ ১ আৰু ২ তাৰিখে অনুষ্ঠিত হৈছিল। চাৰিটা পৰ্যায়ৰ পৰীক্ষা ওপৰত বিবেচনা কৰি সৰ্বশ্ৰেষ্ঠ এক চূড়ান্ত মেধাৰ তালিকা এন টি এ বা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ দ্বাৰা জাৰী কৰা হ’ব।
সামগ্ৰিকভাৱে ৯,৩৪,৬০২ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এন টি এৰ সমীক্ষা অনুসৰি প্ৰথম পৰ্যায়ত ৬.২ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ৫.৬ লাখ, তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত ক্ৰমান্বয়ে ৫.৪ লাখ আৰু ৪.৮ লাখ অৱতীৰ্ণ হৈছিল।
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বা এন আই টি, ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অন্যান্য কেন্দ্ৰীয় অনুদান প্ৰাপ্ত কাৰিকৰী মহাবিদ্যালয়কে ধৰি বিভিন্ন অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে জে ই ই মেইন পৰীক্ষা পৰিচালনা কৰা হয়। ইয়াৰ উপৰিও ই বিভিন্ন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান যেনে আই আই টিত নামভৰ্তিৰ বাবে আধাৰিত জে ই ই এডভান্সৰ বাবেও প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ধাৰণ কৰে। জে ই ই এডভান্সড পৰীক্ষা অক্টোবৰত অনুষ্ঠিত হ’ব।
ভাৰতৰ বাহিৰৰ ১২ খন চহৰকে ধৰি মুঠ ৩৩৪ খন চহৰৰ ৯১৫ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। জে ই ইৰ অফিচিয়েল ৱেবছাইট-jeemain.nta.nic.in উপৰিও, জে ই ই মেইন ফলাফল ২০২১ৰ বাবে ntaresults.nic.in লিংকটো সক্ৰিয় থাকিব।জেইই মেইন ছিজন-৪ ৰ ফলাফল চাবলৈ উপৰোক্ত লিংক দুটাৰ কোনো এটাত গৈ শিক্ষাৰ্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ, জন্ম তাৰিখ আৰু পাছৱৰ্ডৰ ব্যৱহাৰ কৰি চাব পাৰিব।