শিক্ষা ক্ষেত্ৰত নিয়োজিত হোৱাৰ আগ্ৰহী যুৱক-যুৱতী সকলৰ বাবে আহিল এটা ভাল খবৰ।অহা ২৪ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব বহু প্ৰত্যাহিত টেট পৰীক্ষা।ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা খবৰ অনুসৰি উচ্চ আৰু নিম্ন প্ৰাথমিক শ্ৰেণীৰ বাবে অনুষ্ঠিত হ’ব এই টেট পৰীক্ষা।
ইতিমধ্যে ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে আৱেদন প্ৰক্ৰিয়া।ইচ্ছুক সকলে ২৫ ছেপ্টেম্বৰ পৰ্যন্ত অনলাইন প্ৰক্ৰিয়াৰে কৰিব পাৰিব আৱেদন।ইয়াৰোপৰি অহা ১০ অক্টোবৰত লাভ কৰিব পৰীক্ষাৰ এডমিট কাৰ্ড।
শিক্ষা বিভাগে মুকলি কৰা sss.assam.gov.in শীৰ্ষক ৱেবচাইটত গৈ সকলো তথ্য সংগ্ৰহ কৰিব পাৰিব।লগতে https://sebaonline.org/গৈ লগ ইন কৰি কৰিব পাৰিব আৱেদন।সকলো তথ্য সবিস্তাৰে জানিবলৈ শিক্ষা বিভাগে ইতিমধ্যে এই দুটা ৱেবচাইট মুকলি কৰিছে।
ইচ্ছুক সকলে উল্লেখিত ৱেবচাইটত গৈ নিজৰ নিজৰ কেন্দ্ৰৰ ক’ড নম্বৰ সমূহ চাব পাৰিব। ইফালে ৱেবচাইটত উল্লেখ কৰা অনুসৰি আৱেদন মাচুল সন্দৰ্ভত অসংৰক্ষিত সকলৰ বাবে ৩২৫ টকা,এচ টি,এচ চি অ’বিচি আৰু বিশেষভাৱে সক্ষম সকলৰ বাবে ৩০০টকা ধাৰ্য কৰা হৈছে।