শৰীৰৰ বাবে এক উপকাৰী পাচলি হৈছে মূলা। মূলাৰ ৰস শৰীৰৰ বাবে বহুত উপকাৰী। আনহাতে চালাদ হিচাপে, সিজাই অথবা পৰঠাৰ লগত এই পাচলিবিধ খাব পৰা যায়। কিন্তু সকলোতকৈ উপকাৰী ইয়াৰ ৰস কেঁচাকৈ খাব পৰাটোহে।
মূলাৰ ৰস কেন্সাৰ ৰোগত বহুত উপকাৰী । ইয়াৰ উপৰিও এই পাচলিবিধত থকা ভিটামিন চি য়ে এন্টিঅক্সিডেন্ট হিচাপেও কাম কৰে। আনহাতে জ্বৰ-কাঁহ-চৰ্দি হ’লে মূলাৰ ৰস খালেও যথেষ্ট উপকাৰ পোৱা যায়।
মূলাত এন্টি- হাইপাৰটেনছিভ উপাদান আছে যিয়ে উচ্চ ৰক্তচাপত বাধা প্ৰদান কৰে। ইয়াত থকা পটাচিয়ামে শৰীৰৰ ছ’ডিয়াম-পটাচিয়ামৰ মাত্ৰাত সন্তুলন স্থাপন কৰি ৰাখে , যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে।
উল্লেখ্য যে মূলাত বহুত পৰিমাণে ফাইবাৰ থাকে । ইয়াত থকা উপাদান বোৰ ইনছুলিন নিয়ন্ত্ৰণত সহায়ক হয়। আনহাতে নিয়মিত মূলাৰ ৰস খালে শৰীৰত চুগাৰৰ পৰিমাণো নিয়ন্ত্ৰণত থাকে।
মূত্ৰনলীৰ সমস্যা থকা লোকসকলে মূলা খালে শৰীৰত মূত্ৰৰ পৰিমাণ বাঢ়ে। মূলাৰ ৰসে মূত্ৰত্যাগৰ সময়ত মূত্ৰ নলীত অনুভৱ হোৱা বিষ নাইকিয়া কৰে।এই পাচলিবিধত থাকে প্ৰচুৰ পৰিমাণৰ পানী আৰু ফাইবাৰ। সেয়েহে ওজন হ্ৰাস কৰিব বিচাৰিলে ,মূলা খালে যথেষ্ট সুফল লাভ কৰিব পৰা যায়।
মূলাই মানুহৰ মানসিক উদ্বিগ্নতাও দূৰ কৰে। পাচলিবিধত থকা এন্থোছায়ানিনে ষ্ট্ৰেছ হ্ৰাসত সহায় কৰে।