কিন্নৰৰ উপদ্ৰৱত অতীষ্ঠ হৈ অৱশেষত প্ৰতিবাদত নামিল গুৱাহাটী পল্টন বজাৰৰ ব্যৱসায়ী সন্থা।দীৰ্ঘদিন ধৰি পল্টন বজাৰস্থিত ব্যৱসায়ী সকলক এইসকল কিন্নৰে ধন দাবী কৰি না-না ধৰণে অত্যচাৰ কৰি অহা পৰিপ্ৰেক্ষিতত অতীষ্ঠ হৈ এনেদৰে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ল ব্যৱসায়ী সকল।
প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি নিশা হলেই কিন্নৰ সকলে ব্যৱসায়ী সকলৰ ওপৰত না-না ধৰণৰ উপদ্ৰৱ চলাই দোকানৰ সা-সামগ্ৰী পৰ্যন্ত উঠাই লৈ যোৱাৰ লগতে মানসিক হাৰাশাস্তি কৰি আহিছিল।
এই সন্দৰ্ভত বিভিন্ন সময়ত আৰক্ষীক অৱগত কৰি আহিছিল যদিও পল্টন বজাৰ আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এনেকৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ল বুলিও অভিযোগ আনে ব্যৱসায়ীসকলে।
ব্যৱসায়ী সকলৰ ভাষ্য অনুসৰি ক’ভিড-১৯ ৰ পিছত আৰম্ভ কৰা এই ব্যৱসায়ীক দোকান-পোহাৰ বোৰত কিন্নৰ সকলে প্ৰায়েই অ-সামাজিক কামৰ যোগেদি মাৰ-পিট তথা লুট-পাত কৰি অত্যাচাৰ কৰি অহাৰ লগতে হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰে বুলি উল্লেখ কৰে ব্যৱসায়ী সকলে।
তেনেক্ষেত্ৰত চৰম নিৰাপত্তাহীনতাত থকা ব্যৱসায়ীসকলে কিন্নৰৰ বিৰুদ্ধে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’বলগীয়া হ’ল বুলি মন্তব্য কৰে।বিশেষকৈ এই কিন্নৰ সকলে ড্ৰাগছ সেৱন কৰি বিভিন্ন অ-সামাজিক কাম কৰাৰ অভিযোগ আনে ব্যৱসায়ী সকলে।
তেনেক্ষেত্ৰত আতংকিত হৈ পৰা ব্যৱসায়ী সকলে অনতিপলমে চৰকাৰক বিহীত ব্যৱস্থা লবলৈ দাবী উত্থাপন কৰে।