উপ-নিৰ্বাচনৰ সময় সমাগত হোৱাৰ লগে লগেই ৰাজনৈতিক দল সমূহো তৎপৰ হৈ পৰা দেখা গৈছে।আজি ৰাইজৰ দলৰ দলপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এক সংবাদমেল সম্বোধন কৰি থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনত ৰাইজৰ দলে অকলেই প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ঘোষণা কৰে।
দলটোৰ হৈ এই সমষ্টিত ধৈৰ্য কোঁৱৰৰ নাম প্ৰক্ষেপ কৰি দলটোৰ দলপতি অখিল গগৈয়ে কয় যে উপ-নিৰ্বাচনত ধৈৰ্য কোঁৱৰ জয়ী হলে বিধান সভাৰ মজিয়াত দুয়ো একেলগে অন্যায়ৰ বিৰুদ্ধে আপোচহীন সংগ্ৰাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে।
লগতে ধৈৰ্য কোঁৱৰ জয়ী হলে দুয়ো একেলগে বিজেপি চৰকাৰে গৃ্হীত কৰা গো-সুৰক্ষা আইনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰচেষ্টা ল’ব বুলিও উল্লেখ কৰে দলটোৰ সভাপতি জনে।
অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাইজৰ দলে ঘোষণা কৰিলে থাওৰা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। বিভিন্ন সময়ত থাওৰা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকাত ধৈৰ্য কোঁৱৰৰ নাম উল্লেখ হৈ আহিছিল যদিও দলটোৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাছিল প্ৰাৰ্থীজনৰ নাম।