বলিউডৰ তাৰকাসকল বডিগাৰ্ডৰ অবিহনে একেবাৰেই অচল বুলি ক’লেও বঢ়াই কোৱা নহ’ব। কাৰণ ৰাজহুৱা স্থান অথবা মানুহৰ ভিৰ থকা যিকোনো ঠাইত তাৰকাসকলক বডিগাৰ্ড সকলে সুৰক্ষিত কৰি ৰাখে। তেঁওলোকে তাৰকাসকলক যিদৰে সুৰক্ষিত কৰি ৰাখে সেই অনুপাতে তেঁওলোকক বেতনো দিয়া হয় বহুত বেছি।
উল্লেখ্য যে আমিৰ খানৰ বডিগাৰ্ড যুৱৰাজ গোড়পাড়েৰ মাহিলী বেতন কোম্পানীৰ চিইঅ‘ ত কৈ বেছি। আমিৰ খানৰ এই বডিগাৰ্ডজন বডি বিল্ডাৰ হ’ব বিচাৰিছিল। কিন্তু অৱশেষত তেঁও বডিগাৰ্ডৰ পেচা বাচি লয়।
এটি সাক্ষাৎকাৰত যুৱৰাজে জনোৱা মতে তেঁওৰ আৰ্থিক অৱস্থা প্ৰথম অৱস্থাত একেবাৰেই ভাল নাছিল। জীয়াই থাকিবৰ বাবে বহুতো কাম কৰিব লগীয়া হৈছিল। কিন্তু তেঁওৰ বাবে যেন একোৱেই সঠিক নাছিল। ইয়াৰ পাছতেই অৱশেষত তেঁও নিৰাপত্তাৰক্ষী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । আজিৰ পৰা প্ৰায় ৯ বছৰ আগতে যুৱৰাজে এটা নিৰাপত্তা সংস্থাত যোগ দিয়ে।
উল্লেখ্য যে সেই সংস্থাৰ পৰাই তেঁওক আমিৰ খানৰ বডিগাৰ্ড হিচাপে নিয়োগ কৰা হয়। আচৰিত যেন লাগিলেও সঁচা যে যুৱৰাজৰ মাহিলী বেতন ২ কোটি টকা। প্ৰাপ্ত খবৰ অনুযায়ী শ্বাহৰুখ খানৰ বডিগাৰ্ড ৰবি সিংৰ মাহিলী বেতনো প্ৰায় ২.৭ কোটি টকা । ইয়াৰ উপৰিও বলিউডৰ আন বহুতো নামী-দামী তাৰকাৰ বডিগাৰ্ড সকলৰ বেতনো কোটি টকাৰ ওপৰত।