লতাজাতীয় গছত লগা এবিধ পাচলি হৈছে কোমোৰা ।কোমোৰা এনে এবিধ পাচলি যাক কুমলীয়াৰপৰা পূৰঠ, আনকি শুকান অৱস্থাতো খাব পাৰি। ই এবিধ পুষ্টিকাৰক পাচলি। ই মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে।
কোমোৰাৰ কিছু উপকাৰিতাৰ কথা উল্লেখ কৰা হ’ল-
- নিদ্ৰাহীনতা দূৰীকৰণত কোমোৰাই ভাল ফল দিয়ে।
- বহুমূত্ৰ ৰোগীৰ বাবে কোমোৰা অতি উপকাৰী। উচ্চ ৰক্তচাপ হ্ৰাস কৰাতো কোমোৰাৰ অৰিহণা উল্লেখযোগ্য।
- কেঁচুমূৰীয়া ৰোগৰ উপশমত কোমোৰা এবিধ উপকাৰী পাচলি।
- ওজন হ্ৰাস কৰা, হজমী শক্তি প্ৰদান কৰা, হৃদযন্ত্ৰৰ সমস্যসমূহ দূৰ কৰা ক্ষেত্ৰত কোমোৰা অপৰিহাৰ্য পাচলি।
- পূৰঠ কোমোৰা পিহি তাৰ ৰসৰ লগত সমপৰিমাণৰ পানী মিহলাই পুৱা খালী পেটত কিছুদিন খালে এচিডিটি, পেটৰ আলচাৰ আদি উপশম হয়। এনে ৰসে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।
- কোমোৰাৰ মজ্জাভাগ জুয়ে পোৰা ঠাইত প্ৰলেপ দিলে পোৰণি হ্ৰাস পায়।
- ই কোষ্ঠকাঠিন্য আৰু প্ৰস্ৰাৱৰ দোষ নিবাৰণত সহায় কৰে।
- ই স্নায়ু কোষৰ দুৰ্বলতা হ্ৰাস কৰে।
- ইয়াৰ গুটি পুষ্টিদায়ক আৰু শৰীৰৰ কলা বৰ্দ্ধনত সহায়ক।
- পূৰঠ কোমোৰা চকলা-চকলকৈ কাটি চেনিৰ দ্ৰৱত দি কিছুদিনলৈ খালে ৰুগীয়া অথবা নিশকতীয়া লোকৰ ওজন বৃদ্ধি পায়।