ভাৰতীয় ষ্টেট বেংকে মধ্যবিত্তসকলৰ বাবে এক বৃহৎ সকাহৰ খবৰ কঢ়িয়াই আনিছে। যি সকল লোকে ষ্টেট বেংকৰ পৰা ঋণ ল’ব বিচাৰে এই খবৰে তেওঁলোকক নিশ্চিতভাৱেই আনন্দিত কৰি তুলিব।
ষ্টেট বেংকে পূজাৰ পূৰ্বেই গৃহ ঋণ লোৱাসকলৰ বাবে এলানি উপহাৰ ঘোষণা কৰিছে। দেশৰ সৰ্ববৃহৎ বেংক খণ্ড ষ্টেট বেংক অৱ ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুতৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে মধ্যবিত্ত শ্ৰেণীৰ আৰ্থিক বোজা কমি আহিব।
ইমান দিনে ৭৫লাখ টকাৰ অধিক গৃহ ঋণ ল’লে সুত দিব লাগিছিল ৭.১৫শতাংশ। কিন্তু পূজাৰ বতৰত ষ্টেট বেংকে দিয়া উপহাৰ অনুসৰি যিকোনো পৰিমানৰ ঋণৰ ক্ষেত্ৰতে সুতৰ হাৰ হ’ব ৬.৭শতাংশ।
গ্ৰাহকসকলে ৪৫ বেছিছ পইন্ট বচাব পাৰিব। বেংকৰ কথা মতে, যদি কোনোৱে ৩০ বছৰৰ বাবে ৭৫লাখ টকাৰ ঋণ লয়, তেতিয়াহ’লে ৮লাখ টকা কম সুত ভৰিব লাগিব। তদুপৰি, ঋণৰ প্ৰক্ৰিয়াৰ বাবদ কোনো মূল্য দিব নালাগে।
পূৰ্বে চাকৰিয়ালসকলৰ তুলনাত আন গ্ৰাহকসকলে অধিক সুত দিব লাগিছিল কিন্তু ষ্টেট বেংকৰ নতুন উপহাৰ অনুসৰি সেই পাৰ্থক্য এতিয়া নাথাকে। সকলো লোকেই ৬.৭শতাংশ সুতৰ হাৰত ঋণ লোৱাৰ সুযোগ পাব। ষ্টেট বেংকৰ তৰফৰ পৰা ইতিমধ্যে এই কথা স্পষ্ট কৰি দিয়া হৈছে।