২০২০ চনৰ মাৰ্চ মাহৰ পিছত প্ৰথমবাৰৰ বাবে শুকুৰবাৰে লক্ষ্ণৌত জি এছ টি পৰিষদৰ ৪৫ সংখ্যক বৈঠকত সকলো সদস্য শাৰীৰিকভাৱে উপস্থিত থাকিব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২৮ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা বৈঠকত সভাপতিত্ব কৰিব।
গ্ৰাহকৰ ওপৰত বোজা হ্ৰাস আৰু বৃদ্ধি কৰিব পৰা সকলো কাৰ্যসূচীৰ বিষয়বোৰ ইয়াত আলোচনা কৰা হ’ব। পেট্ৰ’লিয়াম সামগ্ৰীৰ লগতে ৫০ টাতকৈ অধিক সামগ্ৰী আৰু সেৱাৰ হাৰৰ সংশোধন সম্পৰ্কে আলোচনা কৰা হ’ব।
বৈঠকত বিশেষকৈ জি এছ টি সমিতিয়ে পেট্ৰ’লিয়াম সামগ্ৰীক জি এছ টিৰ আওতালৈ অনাৰ প্ৰস্তাৱ সন্দৰ্ভত বিবেচনা কৰিব। যদি জি এছ টিৰ অধীনত ‘এক দেশ এক মূল্য’ৰ হিচাপত পেট্ৰ’ল আৰু ডিজেলক অন্তৰ্ভূক্ত কৰা হয় তেন্তে প্ৰতি লিটাৰ পেট্ৰ’ল ২৮ টকা আৰু ডিজেলত ২৫ টকা পৰ্যন্ত হ্ৰাস পাব বুলি আশা কৰা হৈছে।
ইতিমধ্যে পেট্ৰ’লে প্ৰতি লিটাৰত ১১০ টকা অতিক্ৰম কৰিছে আৰু দেশৰ বহু ঠাইত ডিজেল প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰিছে।