কৰ’না মহামাৰীৰ প্ৰাৰম্ভিক সময়ত প্ৰতিজন লোকৰ মোবাইলত সজাগতা বৃদ্ধি কৰিবৰ বাবে কৰ’না ডায়লাৰ টিউন স্থাপন কৰি দিয়া হৈছিল। প্ৰথম অৱস্থাত এই টিউনে জনসাধাৰণক দৰকাৰী তথ্য দিবলৈ সক্ষম হৈছিল যদিও পাছলৈ বহুতো লোকে কাৰোবালৈ ফোন কৰিলেই এই টিউন শুনি শুনি বিৰক্তি পোৱা হ’ল।
আনহাতে এই টিউন ইমান সময় ধৰি বাজে যে মানুহ অধৈৰ্য্য হৈ পৰে। পৰৱৰ্তী সময়ত কৰ’না সংক্ৰান্তীয় প্ৰায়বোৰ দৰকাৰী তথ্য বিভিন্ন ক্ষেত্ৰত উপলব্ধ হৈ উঠাৰ পাছত জনসাধাৰণ বেছিকৈহে এই ডায়লাৰ টিউনৰ পৰা বিৰক্তি পাবলৈ ধৰিলে।
কিন্তু এতিয়া কৰ’নাৰ তথ্য সম্বলিত এই দীঘল ডায়লাৰ টিউনক লৈ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। কাৰণ এই সাধাৰণ পদ্ধতিৰ সহায়ত অতি সহজতে ইয়াক অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিব পৰা যায়। এই পদ্ধতি এয়াৰটেল (Airtel) , ভোদাফোন (Vodafone), জিঅ’ (Jio) আৰু বি এছ এন এল (BSNL) ৰ ক্ষেত্ৰত উপলব্ধ।
- এয়াৰটেল নেটৱৰ্ক ব্যৱহাৰ কৰা গ্ৰাহকে প্ৰথমে নিজৰ ফোনৰ পৰা *৬৪৬*২২৪# ডায়েল কৰিব লাগিব। ইয়াৰ পাছত “cancellation request” চাবমিট কৰিব লাগিব। চাবমিট কৰাৰ পাছত (১) প্ৰেছ কৰাৰ লগে লগে কৰ’না ডায়েলাৰ টিউন বন্ধ হৈ যাব চিৰদিনৰ বাবে।
- ভোদাফোন অথবা আইডিয়া নেটৱৰ্ক ব্যৱহাৰ কৰা লোকসকলে লিখিত ৰূপত মেছেজ কৰি “cancellation request” পঠাব লাগিব। ইয়াৰ বাবে প্ৰথমতে মেছেজত “CANCT” লিখি ১৪৪ লৈ পঠিয়াই দিব লাগিব। এই মেছেজ পঠোৱাৰ কিছু সময়ৰ পাছতেই কৰ’না ডায়েলাৰ টিউন বন্ধ হোৱাৰ এক মেছেজ আহিব।
- জিঅ’ ৰ গ্ৰাহকসকলে কেৱল ‘STOP’ বুলি লিখি ১৫৫২২৩ লৈ প্ৰেৰণ কৰিলেই , কৰ’নাৰ টিউন কিছু সময়ৰ পাছত বন্ধ হৈ যায়। আনহাতে বি এছ এন এলৰ গ্ৰাহকসকলে ৫৬৭০০ অথবা ৫৬৯৯ এই দুয়োটা নম্বৰৰ যিকোনো এটা নম্বৰলৈ ‘UNSUB’ বুলি লিখি প্ৰেৰণ কৰিব লাগিব।